কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মৰতৰ পৰা আজি মা দুৰ্গাই ল’ব বিদায়…

কোটি কোটি ভক্তৰ হৃদয় উকা কৰি   মৰতৰ পৰা আজি মা দুৰ্গাই ল’ব বিদায়…

ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। মৰতৰ পৰা আজি দেৱীয়ে লব বিদায়। বিগত ৪ দিন ধৰি দেৱীৰ বন্দনাত মুখৰিত হৈ থকা ৰাজ্য মঙলবাৰে পুৱাই অহা পুৱাৰ বৰষুণজাকে যেন কিছু ম্লান কৰিলে। তথাপিও দেৱীক আনন্দ মনেৰে বিদায় দিবলৈ সাজু হৈছে সকলো। শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে বিসৰ্জন দিয়া হ'ব দেৱী প্ৰতিমা।

দশমী বিহিত পূজাৰ অন্তত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক এবছৰৰ মুৰত পুনৰ আগমণৰ বাবে আহ্বান জনাই আকুলচিত্তে বিদায় জনাব ভক্তগণে। বিজয়া দশমী উপলক্ষে আজি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰাৱণ দাহন কাৰ্যসূচীৰ। বিজয়া দশমী উপলক্ষে গুৱাহাটীত দেৱী বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৭টা ঘাট। প্ৰায় ৪৯০খন পূজাৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব গুৱাহাটীত। মহানগৰ প্ৰশাসনে কাছমাৰী ঘাট আৰু পাণ্ডু প'ৰ্টত কৰিছে বিশেষ ব্যৱস্থা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in