আজি পবিত্ৰ ঈদল-ফিতৰ…

আজি পবিত্ৰ ঈদল-ফিতৰ…

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদল-ফিতৰ। ত্যাগ, সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত আজি উলহ মালহৰে পালন কৰিব ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদল ফিতৰ।

কেন্দ্ৰীল হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমদ কাছিমীয়ে ধুবুৰীকে ধৰি অন্যান্য স্থানতো ঈদৰ জোন প্ৰত্যক্ষ কৰাৰ পাছত আজি ঈদল-ফিতৰ উপলক্ষে ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমূহ ৰাইজক ঈদল-ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

ইফালে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ঈদৰ উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা। প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰা মানসেৰে পুৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও জনালে ঈদৰ শুভকামনা।

মহাৰাষ্ট্ৰ হামিদিয়াচ মছজিদতো পুৱাই হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে পঢ়িলে নামাজ।

দিল্লীৰ জামা মছজিদতো দেখা গ'ল একেই ভিৰ।

মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী কমল নাথে জনসাধাৰণৰ ওচৰলৈ গৈ জনালে শুভেচ্ছা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in