সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক

ডিজিটেল সংবাদ, টীয়কঃ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰক্ষিশণ পৰিষদ চমুকৈ NCERTৰ উদ্যোগত কেৰেলাৰ ক'চিনত অনুষ্ঠিত হোৱা ২৪ সংখ্যক সৰ্ব ভাৰতীয় শৈক্ষিক দৃশ্য-শ্ৰাব্য সমাৰোহত অংশগ্ৰহণ কৰি শ্ৰাব্য শিতানত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে টীয়ক বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তই।

২২, ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দেশখনৰ পাঁচশৰো অধিক শিক্ষক প্ৰতিযোগীয়ে। টীয়কৰ তুলসীজানৰ অৱসৰপ্ৰাপ্ত শিক্ষক লীলা দত্ত আৰু ৰীণা দত্তৰ কনিষ্ঠ পুত্ৰ কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগে আহমেদাবাদত আয়োজন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত গৱেষণা পত্ৰৰ বাবে পুৰস্কাৰ, মানৱ সম্পদ বিকাশ মন্ত্ৰনালয় আৰু ইউনেস্কই আয়োজন কৰা অনুষ্ঠানত গৱেষণা পত্ৰৰ বাবে পুৰস্কাৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। দত্তই শিক্ষক দিৱসত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ ৰাজ্যিক বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in