বানত প্ৰাণ হেৰুৱা মৃতকৰ পৰিয়ালক লৈ অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰাৰ উদ্ভণ্ডালি…

বানত প্ৰাণ হেৰুৱা মৃতকৰ পৰিয়ালক লৈ অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰাৰ উদ্ভণ্ডালি…

ডিজিটেল সংবাদ, টীয়কঃ প্ৰলয়ংকাৰী বানপানীয়ে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন ঠাইসমূহ ধুই নিয়াৰ পাছত যোৱা ১৩ জুলাইত টীয়কৰ কাৱৈমাৰী মিছিং গাঁৱৰ ৪ বছৰীয়া কণমানি ছানিয়া তাহুৰ বানপানীত পৰি মৃত্যু হোৱা ঘটনাই সমগ্ৰ টীয়কত শোকৰ ছাঁ পেলাইছিল। মঙলবাৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ নেতৃত্বত এটি সজাতি দল উপস্থিত হয় দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত। দলটোত জিতু নেওঁগৰ লগতে আছিল যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক কংকুল বৰুৱা, টীয়ক আছুৰ সহকাৰী সম্পাদক দীপাংকৰ বেজবৰুৱা।

প্ৰতিনিধি দলটোৱে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সেই মুহূৰ্তত কণমানিজনীৰ পিতৃ- মাতৃ আৰু পৰিয়ালবৰ্গই অতি দুখেৰে প্ৰতিনিধি দলটোক জনাই যে অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰাই অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি বানপানীত মৃত্যুমুখত পৰা মৃতকৰ পৰিয়ালক দিবলগীয়া ৪ লাখ টকাৰ চেকখন পৰিয়ালটিৰ ঘৰত উপস্থিত নহৈ প্ৰায় ২ কিলোমিটাৰ আগতেই বানপানীৰ বাবে উপস্থিত নোহোৱাৰ অজুহাত দেখুৱাই পৰিয়ালৰ এজন সদস্যক মাতি আনি কাৱৈমাৰী শিৱমন্দিৰৰ সমীপত চেকখন পৰিয়ালৰ সদস্যৰ হাতত অৰ্পণ কৰে।

এই ঘটনাই টীয়কত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে পালিত বৰাই মৃতকৰ পৰিয়ালক লৈ ৰাজনীতি কৰা বিষয়টো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। লগতে ছাত্র নেতাজনে ভৱিষ্যতৰ দিনত মৃতকৰ পৰিয়ালক লৈ এনে ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।

যিটো মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী আৰু যোৰহাট জিলাৰ সাংসদজনে বানপীড়িত অঞ্চলসমূহত উপস্থিত হৈ পদপথে সমস্যাৰ বুজ লৈ আছে তেনে সময়তে পালিত বৰাৰ এনে কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে টীয়কৰ লগতে সমগ্ৰ অসমত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in