অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ সাংসদ দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসান, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ…

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ সাংসদ দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসান, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্কঃ বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ সাংসদ বি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসান। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে সাংসদ দুৰ্গা প্ৰসাদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ ৰাওৰ পুত্ৰক ফোনযোগে এই সন্দৰ্ভত কথা পাতে আৰু সমবেদনা জ্ঞাপন কৰে।

ইফালে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰি টুইটাৰত লিখিছে- 'তেওঁ এজন অভিজ্ঞ নেতা আছিল। অন্ধ্ৰপ্ৰদেশৰ উন্নতিত তেওঁৰ বহু অৱদান আছে…।' আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটাৰত লিখে যে- 'তিৰুপতি সাংসদ দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যুৰ খবৰ পাই দুখ পালো। তেওঁ অন্ধ্ৰপ্ৰদেশৰ ৰাইজৰ বাবে সদায় কাম কৰি গৈছিল…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in