টিক-টকত উদযাপন স্বাধীনতা দিৱস, ভাইৰেল হৈ পৰিল ভিডিঅ’…

টিক-টকত উদযাপন স্বাধীনতা দিৱস, ভাইৰেল হৈ পৰিল ভিডিঅ’…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীয়েই উদযাপন কৰিছে ৭৩ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰাৰ লগতে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰমাজতে স্বাধীনতা দিৱস উপলক্ষে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইটামান ভিডিঅ'।

টিক-টকতো স্বাধীনতাদিৱস উদযাপন কৰিছে দেশবাসীয়ে। সুন্দৰ সুন্দৰ ভিডিঅ' বনাই বহু লোকে উদযাপন কৰিছেস্বাধীনতা দিৱস। দেশপ্ৰেমমূলক গীতত একাংশই বনাইছে এই ভিডিঅ'সমূহ। আৰু ব্যাপক হাৰতশ্বেয়াৰ হৈছে টিকটক ভিডিঅ'বোৰ। তাৰেই কেইটমান মান ভাইৰেল হৈ পৰা ভিডিঅ'-

১. এই ভিডিঅ'টো টিকটত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। তিনিজন বন্ধুৱে আকাশৰ ফালে চাই দিছে চেল্যুট। কিয়নো আকাশত দেখা গৈছে ৰাষ্ট্ৰীয় পতাকাখন। এই ভিডিঅ'টো ৩ লাখতকৈও অধিক লোকে লাইক কৰিছে। ক্লিক কৰক তলৰ লিংকটোত-

২. টিকটকত ভিডিঅ' হৈ পৰিছে আৰু এটা ভিডিঅ'। এই ভিডিঅ'টো পিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ ছবি 'নমস্তে লণ্ডন'ৰ এটা দৃশ্য। য'ত অভিনেতা অক্ষয় কুমাৰে ভাৰতৰ শক্তিৰ বিষয়ে বহিঃৰাষ্ট্ৰৰ এজন লোকক কৈ থকা দেখা গৈছে। ক্লিক কৰক লিংকটো-

৩. দুজন বন্ধুৱে বনোৱা আৰু এটা ভিডিঅ' খুবেই ভাইৰেল হৈ পৰিছে টিকটকত। য'ত বন্ধু দুজনে হাতত ত্ৰিৰংগা লৈ দৌৰি থকা দেখা গৈছে। ক্লিক কৰক লিংকটো-

৪. ব্যাপক হাৰত ভাইৰেল হৈ পৰা আৰু এটা টিকটক ভিডিঅ', য'ত এগৰাকী যুৱতীয়ে কৈছে- 'আমাৰ ত্ৰিৰংগা বতাহৰ বাবে উৰি নাথাকে। শ্বহিদ জোৱানসকলে নিজৰ প্ৰাণআহুতি দিয়াৰ বাবে আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰি থাকে।' ক্লিক কৰক তলৰ লিংকটো-

বৰ্তমান ছ'চিয়েল মিডিয়াতো এনেদৰে দেশবাসীয়ে এনেদৰে উদযাপন কৰিছে ৭৩ সংখ্যক স্বাধীনতা দিৱস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in