টিহুত বানাক্ৰান্তৰ কাষত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম…

টিহুত বানাক্ৰান্তৰ কাষত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম…

ডিজিটেল সংবাদ, টিহুঃ শুকুৰবাৰে নলবাৰী জিলাৰ টিহু মহকুমাৰ জলখানা, দাহুদী আদি গ্ৰামাঞ্চলৰ বানাক্ৰান্ত লোকৰ কাষত থিয় হৈ তেওঁলোকৰ দুখ দুৰ্দশাৰ খবৰ ল'লে সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । টিহু, মৰাপাগলাদিয়া, বুঢ়াদিয়া আৰু কালদিয়া নদীৰ লগতে কানাইখুন্দা জানৰ বাঢ়নী পানীয়ে টিহু মহকুমাৰ ১৩ খন গাঁৱৰ জনসাধাৰণক বাৰুকৈয়ে জলাকলা খুৱাইছে ।

পানীৰ প্ৰকোপৰ বাবে বহু লোকে ভোকে-পিয়াহে দিন পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই টিহুৰ জলখানা, দাহুদী আদি গ্ৰামাঞ্চলৰ বানাক্ৰান্ত লোকৰ খবৰ লোৱাৰ লগতে টিহু নদীৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে ।

মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত এলেকাত উপস্থিত হোৱাৰ লগে লগে বানাক্ৰান্তৰ একাংশ লোকে মন্ত্ৰী গৰাকীৰ সম্মুখত চৰাবৰী অঞ্চলৰ লোক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ তোলে । মন্ত্ৰী গৰাকীয়ে নলবাৰী জিলাৰ উপায়ুক্তক এই বিষয়ে অৱগত কৰি তৎকালীনভাৱে এই সমস্যাৰ সমাধান কৰাব বুলি দোহাৰে। আকৌ মন্ত্ৰী গৰাকীয়ে জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত জলখানা গাঁৱৰ মাধৱী দাসৰ ঘৰলৈ গৈ পৰিয়ালৰ লোকৰ পৰা তেওঁৰ স্বাস্হ্যৰ বুজ লয়।

উল্লেখ্য, জলখানা গাঁৱৰ যুধিষ্ঠিৰ দাসৰ পত্নী ৫৫ বছৰীয়া মাধৱী দাস ২৩ জুনত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এতিয়াও এই মহিলাগৰাকী গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় আয়ুৰচন্দ্ৰাত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। অৱশ্যে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বানাক্ৰান্ত সকলোৱেই চৰকাৰী সাহায্য পাব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in