টিহুৰ বি এড কলেজত  শিক্ষকৰ দক্ষতা বিকাশ বিষয়ক কৰ্মশালা সম্পন্ন…

টিহুৰ বি এড কলেজত শিক্ষকৰ দক্ষতা বিকাশ বিষয়ক কৰ্মশালা সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিকাশ দপ্তৰৰ পৃষ্ঠপোষকতাত টিহুৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান সুধাৰাণী দলৈৰাম পাঠক শিক্ষক শিকণ মহাবিদ্যালয়ত দুদিনীয়াকৈ আয়োজিত 'শিক্ষকৰ দক্ষতা বৃদ্ধি' শীৰ্ষক এক কৰ্মশালাৰ ১৮ ফেব্ৰুৱাৰীত সফল সম্পন্ন হয় । মানৱ সম্পদ উন্নয়ন বিভাগৰ অৰ্থ সাহায্যত, শ্বিলংস্থিত উত্তৰ–পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু টিহুৰ সুধাৰাণী দলৈৰাম পাঠক  শিক্ষক শিকণ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত উক্ত কৰ্মশালাত টিহু অঞ্চলৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক –শিক্ষয়িত্ৰীৰ লগতে শিক্ষক শিকণ মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসহ এশ গৰাকীয়ে অংশ লয় ।

কৰ্মশালাৰ নিৰ্দিষ্ট বিষয়ৰ কাৰ্যসূচীত দিল্লীৰ 'আই এ এ ই'ৰ সঞ্চালক এ ভি মোহন কুমাৰ, অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক পি কে আচাৰ্য, শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক সুজিৎ কুমাৰ পাটনায়ক, শ্বিলংস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বুনিল কুমাৰ বালাবন্তৰ্য, মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাৰু যোশী, উত্তৰ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক বি পি চাহু, শ্বিলং বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা ঈৰিলাং লিংডো প্ৰমুখ্যে বিশিষ্ট সমল ব্যক্তিসকলে অংশ লয় ।

১৮ ফেব্ৰুৱাৰীৰ আবেলি এই কৰ্মশালা সামৰণি উপলক্ষে কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি ডঃ ভৱেশ চন্দ্ৰ চৌধুৰীৰ পৌৰোহিত্যত তথা কৰ্মশালা পৰিচালনা সমিতিৰ সমন্বয়ক নয়নজ্যেতি তালুকদাৰ আৰু সহযোগী সমন্বয়ক ধনমণি ঠাকুৰীয়াৰ পৰিচালনাৰে হোৱা অনুষ্ঠানত কৰ্মশালাত অংশ লোৱাসকলৰ সৈতে মত বিনিময় হোৱাৰ লগতে প্ৰমাণ–পত্ৰও বিতৰণ কৰা হয় ।

ইফালে কালি পুৱা টিহুৰ সুধাৰাণী দলৈৰাম পাঠক শিক্ষক শিকণ মহাবিদ্যালয়ৰ শৈক্ষিক বিষয়া ডঃ ভৱেশ চন্দ্ৰ চৌধুৰীয়ে আদৰণি ভাষণ দিয়া কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে টিহুৰ সুধাৰাণী দলৈৰাম পাঠক  শিক্ষক শিকণ মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পবিন্দ্ৰ নাথ দাসে । অনুষ্ঠানটোত অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে কৰ্মশালাৰ মুখ্য সমন্বয়ক তথা শ্বিলঙৰ উত্তৰ–পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক বি পি  চাহুয়ে ।

কৰ্মশালাত দুয়োদিন 'পেডাগ'জী', শিক্ষাত শিক্ষকৰ অংশগ্ৰহণ আৰু শিক্ষা আৰ্হি দক্ষতা, শিকণ কৌশল সামগ্ৰী, শিক্ষকৰ ব্যক্তিগত অভিজ্ঞতা শিক্ষকৰ মাজত বিতৰণ কৌশল, পাঠ্যক্ৰম বিতৰণৰ শ্ৰেষ্ঠ কৌশল, শ্ৰেষ্ঠ শিক্ষা কৌশলৰ ক্ষেত্ৰ অধ্যয়ন, শিকণ পদ্ধতিৰ দক্ষতা আৰু শ্ৰেণীকোঠা পৰিচালন আদি বিষয়ত শিক্ষকৰ দক্ষতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in