টিহুত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন…

টিহুত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ উদ্যোগত স্বামী বিবেকানন্দজয়ন্তী উপলক্ষে ১২ জানুৱাৰীত নলবাৰী জিলাৰ টিহু মহকুমাত ছাত্ৰ–ছাত্ৰীৰ মাজত এখনি বিশেষ চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হয় । ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সম্পাদক ধ্ৰুৱজ্যোতি হালৈৰ তত্ত্বাৱধানত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান টিহুৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰি শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি দিয়া শুভেচ্ছামূলক ভাষণ প্ৰাসংগত চিত্ৰাংকনৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধন কৰিব পাৰি বুলি দোহাৰি চিত্ৰাংকন বা ছবি অঁকা বিদ্যা সকলো শিক্ষাৰ্থীৰ বাবে অতি দৰকাৰী বিষয় বুলি উল্লেখ কৰে ।

এই প্ৰতিযোগিতাত কনিমাৰা গাঁৱৰ সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী ৰিছা কলিতাই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । প্ৰতিযোগিতাত ভাগ লোৱা সকলো প্ৰতিযোগীলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সভাপতি সুভাষ বৰ্মনেও শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে । প্ৰতিযোগিতাত বিচাৰক হিচাপে দায়িত্ব লৈ প্ৰতিযোগিতাখন সফল কৰে চিত্ৰশিল্পী কুইনীশিখা বৰাই ।

অনুষ্ঠানত শিক্ষাব্ৰতী মণিমালা দেৱী, নিৰঞ্জন দত্ত, জিতুল পাটগিৰী, চম্পক কলিতা, জয়ন্ত কলিতা, অনুপম বৰ্মন, হীৰকজ্যোতি কলিতা, কল্যাণ কলিতা, ভণিতা লহকৰ, ভাস্বতী দাস, পাৰুল গোস্বামী, পূৰ্ণিমা শীল, ঋতা গোস্বামী, কান্তেশ্বৰ বৰ্মন, গোপজিৎ শৰ্মা, গীতিকা পাঠক, অণু দাস, পংকজ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী লোকে ভাগ লৈ প্ৰতিযোগিতাখন সফল হোৱাত বাৰুকৈয়ে সহযোগ আগ বঢ়ায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in