মাৰ্ঘেৰিটাত “থুপিতৰা” নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন মহকুমাধিপতিৰ

মাৰ্ঘেৰিটাত “থুপিতৰা” নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন মহকুমাধিপতিৰ

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা শাখা কবি সন্মিলনে গ্ৰহণ কৰিছে এক প্ৰসংশনীয় পদক্ষেপ। সদাব্যস্তমাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিষ্ঠা কৰিছে এখন প্ৰাচীৰ পত্ৰিকা। বিভিন্ন চৰকাৰী তথা সামাজিক কামত গৈ অপেক্ষাৰত হৈ থকা ৰাইজৰ বাবে এই প্ৰাচীৰ পত্ৰিকাখনে চিন্তাৰ খোৰাক যোগাব বুলি আশা কৰা হৈছে। "থুপিতৰা" নামৰ প্ৰাচীৰ পত্ৰিকাখনি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উন্মোচন কৰে মহকুমাধিপতি সুমিত সত্তাৱনে।

শাখা সন্মিলনৰ সভাপতি আৰু পত্ৰিকাখনৰ মুখ্য সম্পাদক অশ্বিনী গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে মহকুমাধিপতি লগতে সহকাৰী আয়ুক্তদ্বয় ঝৰ্ণা পাটগিৰী আৰু মাধুৰ্য বুঢ়াগোঁ‌হাইক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উন্মোচনী ভাষণত মহকুমাধিপতিয়ে শাখাৰ এই প্ৰচেষ্টাক শলাগ লয় আৰু পত্ৰিকাখনিয়ে মহকুমাটোৰ সাহিত্য চৰ্চাৰ দিশটোলৈ নতুন পোহৰ আনিব বুলি আশা প্ৰকাশ কৰে বুলি শাখাৰ সম্পাদিকা বৰ্নালী গগৈয়ে জানিবলৈ দিছে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত শাখাৰ উপদেষ্টা স্বৰ্গজ্যোতি বৰা, নিকুঞ্জ গগৈৰ লগতে সহঃ সম্পাদিকা শেৱালি দত্ত শইকীয়া, পত্ৰিকা সম্পাদিকা বৰ্নালী বৰঠাকুৰ, প্ৰচাৰ সম্পাদিকা চানিয়া বৰুৱা, অন্নদীতা গোস্বামী, ৰুক্মিনী হালৈ, কুমাৰ বিকাশৰ উপৰিও বহুকেইজন কবি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in