আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী…

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল কোকৰাঝাৰ জিলাৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত থুনলাই নাৰ্জাৰী । কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্ত:ৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাত থুনলাই নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি শ্বটফুটত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে কাজাকাস্তান অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ ফাইনেলত বিশ্বৰ ১১ টা দলে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত থুনলাই নাৰ্জাৰীয়ে সোণৰ পদক লাভ কৰাত গৃহ জিলা কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে । প্ৰণিধানযোগ্য যে থুনলাই নাৰ্জাৰীয়ে অহা ৮ আগষ্টৰ পৰা চীনত অনুষ্ঠিত হবলগীয়া আন্ত:ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেৰ্তৃত্ব বহন কৰিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in