দৰ্শকৰ হৃদয়ত বিশেষ স্থান নাপালে ‘থাগছ অৱ হিন্দুস্তানে’

দৰ্শকৰ হৃদয়ত বিশেষ স্থান নাপালে ‘থাগছ অৱ হিন্দুস্তানে’

ডিজিটেল ডেস্কঃ ৮ নবেম্বৰ, ২০১৮ত ছবিঘৰত মুক্তি পালে বিগ বি আৰু মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট অভিনীত ছবি 'থাগছ অৱ হিন্দুস্তান'। ছবিখনে প্ৰথম, দ্বিতীয় আৰু তৃতীয় দৰ্শনীত উপাৰ্জন কৰে ক্ৰমে ২৮ কোটি, ২২ কোটি আৰু ১৭ কোটি টকা। ছবিখনে প্ৰথম দৰ্শনীত দৰ্শকক চমক দিবলৈ সক্ষম হৈছিল যদিও, লাহে লাহে যেন ছবিখন আঁতৰি আহিছে বক্স অফিচৰ হিটলিষ্টৰৰ তালিকাৰ পৰা।

ইফালে, ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ছবিখন বৰ্তমান আকোৱালি লোৱা নাই দৰ্শকে। ছবিখনৰ ট্ৰেইলাৰ চাই দৰ্শকে যিমান আশা কৰিছিল ছবিখনক লৈ সেই হিচাপে উপভোগ কৰা নাই দৰ্শকে। এই কথা বৰ্তমান স্পষ্ট কৰিছে হলত ছবিখনৰ দৰ্শনীৰ সময়ত দৰ্শকৰ সেৰেঙা উপস্থিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in