পুত্ৰক বন্ধকত থৈ বন্দুক আনি গঁড় হত্যাৰ পৰিকল্পনা চোৰাংচিকাৰীৰ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ওৰাংঃ ডিমাপুৰত পুত্ৰক বন্ধকত থৈ গঁড় হত্যাৰ বাবে বন্দুক আনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা তিনিটা চোৰাং চিকাৰীক আটক কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া তথা শোণিতপুৰ আৰক্ষীৰ যুটীয়া দলে। ঘটনাৰ বিৱৰণী মতে, ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যাৰ বাবে নুৰজামাল ৰহমানৰ নেতৃত্বত প্ৰৱেশ কৰিছিল তিনিজনীয়া দলটোৱে।

এই দলটোত আছিল নুৰজামালৰ উপৰিও ছাদিফুল ইছলাম আৰু নিয়ামত আলী। তিনিও দুৰ্ধৰ্ষ চোৰাং চিকাৰী ঘৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ১ নং বচাশিমলু গাঁৱত। চোৰাং চিকাৰী তিনিটাৰ পৰা আৰক্ষী আৰু বন বিভাগৰ অভিযানকাৰী দলটোৱে এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ১০ জাঁই গুলী উদ্ধাৰ কৰে।

আৰক্ষীৰ জেৰাত চোৰাং চিকাৰী নুৰজামালে প্ৰকাশ কৰা মতে, গঁড় হত্যাৰ বাবে তেওঁ থ্ৰী নট থ্ৰী ৰাইফলটো ডিমাপুৰৰ পৰা গুলীসহ সংগ্ৰহ কৰিছিল। ৰাইফলটোৰ বিনিময়ত ডিমাপুৰত তেওঁৰ পুত্ৰক বন্ধকত থৈ অহা বুলি জানিবলৈ দিয়ে আৰক্ষী তথা বন বিভাগৰ জেৰাকাৰী দলক।

গঁড় হত্যা কৰি গঁড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা ধন দি পুত্ৰক বন্ধকৰ পৰা অনাৰ কথা আছিল দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ। শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ নেতৃত্বত এই অভিযান চলিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in