পুৱা সোনকালে উঠা, গীটাৰ শিকাঃ সুশান্তই নতুনকৈ আৰম্ভ কৰিব বিচৰা সকলো লিখি ৰাখিছিল বৰ্ডত…

পুৱা সোনকালে উঠা, গীটাৰ শিকাঃ সুশান্তই নতুনকৈ আৰম্ভ কৰিব বিচৰা সকলো লিখি ৰাখিছিল বৰ্ডত…

ডিজিটেল ডেস্কঃ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে অভিনেতাগৰাকীৰ বহু নতুন কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ অভিনেতাগৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ইষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। পূৰ্বতে সুশান্তে আগন্তুক দিনত কি কি কাম কৰিব, তাৰ পৰিকল্পনাৰ বিষয়ে লিখি ৰখা এখন হোৱাইট বৰ্ডৰ ছবি শ্বেয়াৰ কৰিছে ভগ্নী শ্বেতাই।

শুকুৰবাৰে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হোৱাইট বৰ্ডৰ এই ফটোখনত লিখা আছে ২৯জুনৰ পৰা অভিনেতা সুশান্তে আগন্তক সময়ত কি কি কাম কৰিব। ২৯জুনৰ পৰা কৰা পৰিকল্পনাৰ সন্দৰ্ভত সুশান্তে লিখি ৰাখিছিল সেই হোৱাইট বৰ্ডখনত।

২৯জুনৰ পৰা সুশান্তে নতুনকৈ কৰা পৰিকল্পনা সমূহ হৈছেঃ

  • সোনকালে উঠি, লগে লগে বিচনা ঠিক কৰা।
  • বিভিন্ন কেটেগৰীৰ ফিল্মৰ লগতে ৱেব চিৰিজ চোৱা।
  • গীটাৰ শিকা।
  • ৱৰ্ক আউট।
  • মেডিটেশ্যন।
  • নিজে থকা সকলো ঠাইৰ চাফা কৰা।
  • বিভিন্ন দিশ শিকাৰ লগতে অনুশীলন কৰা।
https://www.instagram.com/p/CDT8UNlFfl0/?utm_source=ig_embed

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in