প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে লক্ষ্য স্থিৰ কৰা সাত কোটি গছপুলি ৰোপণৰ কাম হৈ উঠিছে সম্পূৰ্ণ-পৰিমল শুক্লবৈদ্য

প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে লক্ষ্য স্থিৰ কৰা সাত কোটি গছপুলি ৰোপণৰ কাম হৈ উঠিছে সম্পূৰ্ণ-পৰিমল শুক্লবৈদ্য

ডিজিটেল সংবাদ ধেমাজি : অসম চৰকাৰৰ সেউজী অসম গঢ়াৰ লক্ষ্যৰে দহ কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লোৱা ভিতৰত ইতিমধ্যে সাত কোটি গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। এই মন্তব্য অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। কেম্পা আঁচনিৰ অধীনত প্ৰায় বিশ লাখ টকা পুঁজিৰে বন বিভাগৰ দ্বাৰা ধেমাজি জিলাৰ জামজিং সংৰক্ষিত বনাঞ্চলৰ চিমেন চাপৰিত নিৰ্মাণ কৰি উলিওৱা সাহিত্য মনীষী উপবনখনৰ উদ্ধোধন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বন মন্ত্ৰী গৰাকীয়ে পুনৰ কয় অক্সিজেন নহ'লে পানী সৃষ্টি কৰিব নোৱাৰি আৰু এই অক্সিজেন গছেই যোগান ধৰে বুলি উল্লেখ কৰি গছ নাথাকিলে পৃথিৱী ধ্বংস অনিবাৰ্য্য বুলি বক্তব্য আগবঢ়ায়।

অসমৰ মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিঙে আদৰণি ভাষন আগবঢ়োৱা অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে কয় অসম, উত্তৰ-পূব তথা সমগ্ৰ দেশতে বনাঞ্চল ধ্বংসৰ ফলত প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ প্ৰতি অহা ভাবুকিৰ কথা অনুধাৱন কৰি কেম্পা আচঁনিৰ জৰিয়তে ইয়াৰ পূৰণ কৰিবলৈ পুনৰ বনাঞ্চল নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কৈ এই প্ৰচেষ্টাৰ অংশ হিচাপে অসম চৰকাৰেও গছপুলি ৰোপণৰ কাম আন্তৰিকতাৰে হাতত লৈছে যাতে প্ৰদূষণমুক্ত অসম গঢ়
দিব পাৰি বুলি বক্তব্য দাঙি ধৰে।অসমৰ মূল ভূখণ্ডৰ মুঠ মাটি কালিৰ এক তৃতীয়াংশ ভূমি বন বিভাগৰ যদিও অধিকাংশতে বেদখলৰ কবলত বুলি কৈ ইয়াৰ বিৰুদ্ধে বেদখলকাৰীক উচ্ছেদৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলিও উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইখন চৰকাৰে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে । বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে কাজিৰঙাত গঁড় হত্যা সাম্প্ৰতিক সময়ত প্ৰায়েই নাইকিয়া হৈছে বুলিও ভাষনত কয় ।

দায়িত্ব হাতত লৈয়েই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰশাসন ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিবলৈ লোৱা সংকল্পৰ বাবে ৰাকেশ পালকে ধৰি অনেক বিয়াগোম আমোলা বিষয়া কাৰাগাৰত বন্দী হৈ থাকিব লগা হোৱাৰ লগতে সমাজৰ বহু অপৰাধী, দুৰ্নীতিগ্ৰস্ত ব্যক্তিও শান্তিৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে। ভাষনত বন মন্ত্ৰী গৰাকীয়ে পুনৰ কয় প্ৰদূষণমুক্ত আৰু সেউজী অসম গঢ়াৰ লক্ষ্যৰে বন বিভাগে কেম্পা আচঁনিৰ অধীনত অসমৰ ২৪ খন জিলাত এখনকৈ সাহিত্য মনীষী উপবন নিৰ্মাণৰ আঁচনি ৰূপায়ণ কৰা হৈছে বুলি কৈ থলুৱাৰ লগতে বিলুপ্তপ্ৰায় ঘাঁহ, লতাজাতীয়, জোপোহা আৰু ওখগছৰ পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বক্তব্য দাঙি ধৰি এই সাহিত্য মনীষী উপবনখনে গৱেষক আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাৰ উপৰি প্ৰকৃতিপ্ৰমী ৰাইজৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

অনুষ্ঠানত ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগুয়ে নিজৰ ভাষনত কয় গছপুলি ৰোপণৰ দ্বাৰা খহনীয়া প্ৰতিৰোধত শক্তিশালী ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰি এজোপা গছেই পঞ্চাশটা পৰ্কিউপাইনৰ কাম কৰিবলৈ সক্ষম বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।লগতে প্ৰকৃতিৰ বুকুত থকা বনজ সম্পদ সমূহ মানুহৰ প্ৰয়োজনীয়তাত ব্যৱহাৰ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বনজ সম্পদৰ পূৰণ কৰিবলৈ কেম্পা আঁচনিখন কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণৰ কাম হাতত লৈছে বুলি বক্তব্য দাঙি ধৰি বিধায়ক ডাঃ ৰনোজ পেগুয়ে পুনৰ কয় কন্যা সন্তান জন্মৰ দিনা প্ৰত্যেক গৰাকী অভিভাৱকে পাঁচ জোপাকৈ গছপুলি ৰোপণ কৰিলে ওঠৰ বিশ বছৰৰ পাছত ইয়াৰে দুজোপা বিক্ৰী কৰি বিয়াৰ খৰছ ওলোৱাৰ লগতে আন এজোপা যৌতুক হিচাপে আচবাব নিৰ্মাণত ব্যৱহাৰ কৰি সুন্দৰভাৱে ছোৱালীক আনৰ ঘৰলৈ কন্যা হিচাপে উলিয়াই দিবলৈ সক্ষম হব পাৰি বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।আজি কালি গুৱাহাটীকে ধৰি বহু ঠাইত বিবাহ অথবা জন্ম বাৰ্ষিকী অনুষ্ঠানত অভ্যাগতই উপহাৰ দিয়াৰ বিপৰীতে গিৰিহতে কৃতজ্ঞতাৰ চিনস্বৰূপে গছপুলি উপহাৰ দিয়াটো সংস্কৃতিলৈ গঢ় দিব পাৰিলে গছপুলি ৰোপণৰ দিশত এক পৰিৱেশ সৃষ্টি হব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় বিধায়ক গৰাকীয়ে ।

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি কয় অসম অৰুণাচল প্ৰদেশৰ সমীপবৰ্ত্তী ধেমাজি জিলাৰ জোনাই মহকুমাৰ জামজিং সংৰক্ষিত বনাঞ্চলৰ চিমেন চাপৰিত বন বিভাগে নিৰ্মাণ কৰি উলিওৱা সাহিত্য মনীষী উপবনখনে জৈৱ বৈচিত্ৰ গঢ় দিয়াত ভূমিকা গ্ৰহণ কৰাৰ লগতে পৰ্যটনৰ দিশৰ উপৰিও স্বাস্থ্য,জীৱন জীবিকাৰ ক্ষেত্ৰতো অৰিহনা যোগাব বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বন বিভাগে কেম্পা আচঁনিৰ জৰিয়তে আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ কাম হাতত ললে প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ লগতে খহনীয়া প্ৰতিৰোধৰ দিশতো গুৰুত্বপূৰ্ণ ভুমিকা ল'ব বুলি বক্তব্য আগবঢ়ায় ।অনুষ্ঠানৰ আৰম্ভণিতে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য , সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰনোজ পেগুয়ে সাহিত্য মনীষী উপবনখন ফিটা কাটি উদ্ধোধন কৰাৰ পিছত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই নাগ চম্পা, বৰ্হমথুৰি, বৰথেকেৰা , সাংসদ প্ৰদান বৰুৱাই ড্ৰেগণ ট্ৰি,বিধায়ক ডাঃ ৰনোজ পেগুয়ে ইয়ালাং ইয়ালাং আৰু অসমৰ মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিঙে ৰঙা চন্দনৰ গছপুলি ৰোপণ কৰে।

উল্লেখ্য যে চিমেন চাপৰিস্থিত জামজিং সংৰক্ষিত বনাঞ্চলৰ তিনি হেক্টৰ ভূমিৰ সাহিত্য মনীষী উপবনত এহাজাৰ চাৰিটা ঘাঁহ, লতাজাতীয়, জোপোহা,ঔষধি আৰু অন্যান্য প্ৰজাতিৰ গছ-গছনিৰ পুলি ৰোপন কৰা হৈছে। ধেমাজি জিলা বন সংমণ্ডলৰ বন বিষয়া ছফিকুল ৰহমানে আতঁধৰা অনুষ্ঠানত উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক যতীন্দ্ৰ শৰ্মা, কেম্পাৰ মুখ্য বন সংৰক্ষক সত্যেন্দ্ৰ সিং,ধেমাজি বন সংমণ্ডলৰ সহঃ বন সংৰক্ষক ৰোহিনী কুমাৰ দাস, আৰ্টফেডৰ উপাধ্যক্ষা ৰূপা কামান, ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানোৱাট, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মিৰ্জোনা হুচেইন, জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে উপস্থিত থাকে। অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ধেমাজি সংমণ্ডলৰ বন বিষয়া ছফিকুল ৰহমানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in