দুৰ্ভগীয়া কিশোৰীৰ আলসুৱা সপোনঃ দৃষ্টিহীন পিতৃ-মাতৃৰ দায়িত্ব লোৱাৰ সমানে নিজৰ ভৱিষ্যত গঢ়াৰ কঠিন সংগ্ৰাম প্ৰিয়াৰ…

দুৰ্ভগীয়া কিশোৰীৰ আলসুৱা সপোনঃ দৃষ্টিহীন পিতৃ-মাতৃৰ দায়িত্ব লোৱাৰ সমানে নিজৰ ভৱিষ্যত গঢ়াৰ কঠিন সংগ্ৰাম প্ৰিয়াৰ…

ডিজিটেল সংবাদ নগাঁও : এজনী দুৰ্ভগীয়া ছোৱালী। জীৱন যুদ্ধত হাৰ মানিব নিবিচৰা এই দুৰ্ভগীয়া ছোৱালীৰ কাহিনীয়ে আপোনাৰো চকু সেমেকাই তুলিব। যি সময়ত তাইৰ সম বয়সৰ আন ছোৱালী পিতৃ-মাতৃৰ বুকুৰ মাজৰ উম লৈ জীৱন গঢ়াৰ কচৰৎ কৰে সেই সময়তে এইগৰাকী দুৰ্ভগীয়া অথচ সাহসী ছোৱালীয়ে নিজ পিতৃ-মাতৃক হাতত ধৰি জীয়াই থকাৰ বাট বিচাৰি হাবাথুৰি খাইছে।

তাই নৱম শ্ৰেণীত অধ্যয়ন কৰে। ঘৰখনত তাই নিজৰ পিতৃ আৰু মাতৃৰ লগত থাকে। উপাৰ্জন বুলিবলৈ একো নাই। আচলতে উপাৰ্জন কৰিবলৈয়ে কোনো নাই। তাইৰ পিতৃ-মাতৃ দুয়ো জন্মান্ধ। সেয়ে তাই বিদ্যালয় বন্ধ হ'লেই পিতৃ-মাতৃক হাতত ধৰি লৈ আহে বিভিন্ন স্থানলৈ। জন্মান্ধ পিতৃ-মাতৃক লগত লৈ তাই আৰম্ভ কৰে ভিক্ষা খুজিবলৈ।

পিতৃ-মাতৃক লগত লৈ ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰাৰ লগতে নিজেও অধ্যয়ন কৰি থকা এইগৰাকী দুৰ্ভগীয়া ছোৱালীৰ নাম প্ৰিয়া। নগাঁৱৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱত প্ৰিয়াৰ ঘৰ। প্ৰিয়াৰ পৰিয়ালটোত জন্মান্ধ পিতৃ-মাতৃৰ বাহিৰে আন কোনো নাই। ভিক্ষা কৰিয়েই যি দুই-চাৰি টকা লাভ কৰে তাৰ সৈতেই প্ৰিয়াৰ তিনিজনীয়া পৰিয়ালটোৱে খাই-বৈ জীয়াই থকাৰ লগতে নিজলৈ পঢ়াৰ খৰচ আৰু প্ৰয়োজনীয়া দুই-এপদ সামগ্ৰী গোটাই আহিছে।

দুৰ্ভগীয়া এই কিশোৰীজনীৰ কাহিনী উপন্যাস অথবা নাটকৰ কাহিনীতকৈ কোনোগুণে পৃথক নহয়। যিয়ে প্ৰিয়াৰ এই সংগ্ৰামৰ কাহিনী দেখা নাই তেওঁ এই কাহিনী শুনিলে কেৱল এইয়া এক কথিত কাহিনী বুলিয়েই ভাবিব। যিয়ে প্ৰিয়া আৰু তাইৰ সংগ্ৰামক দেখিছে তেওঁহে অনুভৱ কৰিব পাৰিব এই সংগ্ৰামৰ আঁৰত লুকাই থকা কৰুণ কাহিনী।

কোভিড সৃষ্ট জটিল পৰিস্থিতিৰ ফলত ৰাজ্যত বাহাল হোৱা দীঘলীয়া তলাবন্ধৰ বাবে বিগত দুটা বছৰে অতি দুখ-কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোয়ে। এনে জটিল পৰিস্থিতিত যাৱতীয় সমল নথকাৰ বাবে অনলাইন শিক্ষাগ্ৰহণৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছিল প্ৰিয়া। দুবেলা দুখাজ খাবলৈয়ে চিন্তা কৰিবলগীয়া হোৱা প্ৰিয়াৰ বাবে এণ্ড্ৰইড মোবাইল ক্ৰয় কৰাটো এক অলিক সপোনৰ বাহিৰে আন একো নহয়।

খুজি-মাগি এসাঁজ খাই আন সাঁজৰ বাবে চিন্তা কৰি প্ৰিয়াক ডাঙৰ মানুহ কৰাৰ সপোন দেখা অন্ধ পিতৃ-মাতৃয়ে কেৱল খাই বৈ জীয়াই থকাৰ উপৰিও এতিয়া প্ৰিয়াৰ বাবেও সহায়-সহযোগৰ আশা কৰিছে। প্ৰিয়াৰ জন্মান্ধ দেউতাক সুৰেশ চন্দ্ৰ চাহুয়ে নগাঁৱত সাংবাদিকৰ আগত কৈছে-"মই আৰু মোৰ মানুহ গৰাকীয়ে দুয়ো নেদেখো।সেই কাৰণে আমি কামবন কৰিব নোৱাৰো।আমি নিচেই দুখীয়া মানুহ।ৰাইজৰ সহায়-সহযোগত কোনোমতে চলি আছো। পুৰণিগুদামৰ পৰা নগাঁৱলৈ টেম্পোত আহো। কেতিয়াবা কোনোবাই ভাড়া লয়, কোনোবাই নলয়।"

তেওঁ লগতে আৰু কয় যে- "আমাৰ ছোৱালী ক্লাচ নাইনত পঢ়ি আছে।তাইক এনেকৈ লগত লৈ ভিক্ষা কৰি ফুৰিবলৈ আমাৰো ভাল নালাগে । তথাপিও আমি নিৰুপায়।ৰাইজক অনুৰোধ-অন্ধ মানুহৰ ছোৱালী বুলি যাতে তাইক সহায় কৰে। পঢ়ি শুণি যাতে আগলৈ ভাল মানুহ হ'ব পাৰে।"

প্ৰিয়াৰ অন্ধ দেউতাকে ২০০৫ চনত চৰকাৰী চাকৰিৰ বাবে ইণ্টাৰভিউও দিছিলয কিন্তু বাচনিত তেওঁ নুঠিল। চৰকাৰৰ পৰা কেৱল চাউল কেইটাৰ বাহিৰে এতিয়া আন একো নাপায়। কিন্তু চাউল কেইটাৰে জানো ঘৰ চলে?
অন্ধ পিতৃ-মাতৃৰ একমাত্ৰ সাৰথি প্ৰিয়াই সাংবাদিকৰ আগত কয়-"ৰাইজৰ সহায়তেই আমি চলি আছো। মই ক্লাছ নাইনত পঢ়ি আছো।স্কুল থাকিলে স্কুললৈ যাওঁ আৰু কেতিয়াবা স্কুল বন্ধ থাকিলে এনেকৈ মা -দেউতাক হাতত ধৰি লৈ আহো। উপায় নাই।সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো যাতে তেওঁ মোৰ পঢ়াৰ দায়িত্ব লয়। "

উল্লেখ্যে যে ৰাজ্যত বিশেষ ভাৱে সক্ষম প্ৰায় ৮০ হাজাৰ লোক আছে। শাৰীৰিক ভাৱে অক্ষম এই লোকসকলৰ থাকে বিভিন্ন প্ৰতিভা। তেওঁলোকৰ সেই প্ৰতিভাক সন্মান জনাই শাৰীৰিক ভাৱে অক্ষম বুলি নকৈ তেওঁলোকক বিশেষভাৱে সক্ষম বুলি কৈ অহা হৈছে। কিন্তু এই বিশেষভাৱে সক্ষম লোকসকলে নিজৰ প্ৰতিভা বিকাশ কৰাৰো আজিৰ তাৰিখত উপযুক্ত মঞ্চ অথবা সুযোগ লাভৰ পৰা বঞ্চিত হৈ আহিছে।

৮০ হাজাৰৰো অধিক বিশেষ ভাৱে সক্ষম লোকৰ মাজৰ পৰা মাত্ৰ ৩ হাজাৰ মানেহে আজিৰ তাৰিখত ক'ৰবাত নহয় ক'ৰবাত সামান্য সুযোগ-সুবিধা লাভ কৰি আহিছে। কিন্তু অধিকাংশৰে অৱস্থা প্ৰিয়াৰ পিতৃ-মাতৃৰ দৰেই। নগাঁৱৰ এই পৰিয়ালটো মাত্ৰ এটা সৰু উদাহৰণহে। অসমৰ প্ৰতিখন জিলাত এনে কিমান দুৰ্ভগীয়া প্ৰিয়া লুকাই আছে কিমান এনেকুৱা জন্মান্ধ লোকৰ কৰুণ কাহিনী লুকাই আছে সেইয়া কোনোবাই হিচাপ কৰিছেনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in