বগা কৃষক পৰিয়ালৰ কাহিনীৰ ‘দ্য প্ৰমিজ’ ৰ বাবে ডেমন গালগুটলৈ ২০২১ বৰ্ষৰ বুকাৰ বঁটা…

বগা কৃষক পৰিয়ালৰ কাহিনীৰ ‘দ্য প্ৰমিজ’ ৰ বাবে ডেমন গালগুটলৈ ২০২১ বৰ্ষৰ বুকাৰ বঁটা…

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ বুকাৰ বঁটা।ডেমন গালগুটে তেওঁৰ উপন্যাস 'দ্য প্ৰমিজ'ৰ বাবে লাভ কৰিছে এই সন্মানীয় বঁটা। ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ প্ৰেট'ৰিয়াত জন্মগ্ৰহণ কৰা ডেমন গালগুটৰ লগত এই বঁটাৰ দৌৰত আছিল আন এজন জনপ্ৰিয় লেখক ৰাচাৰ্ড পাৱাৰছ।

বুকাৰ বঁটা বিজয়ী এইগৰাকী স্বনামধন্য সাহিত্যিকে কিশোৰ অৱস্থাতে ভৰি থৈছিল সাহিত্যৰ জগতখনত। মাত্ৰ ১৭ বছৰ বয়সতে লিখি উলিয়াইছিল তেওঁৰ প্ৰথমখন উপন্যাস। বুকাৰ বঁটা লাভ কৰা ডেমনৰ উপন্যাস দ্য প্ৰমিজত আছে দক্ষিণ আফ্ৰিকাৰ এটা স্বেতাংগ কৃষক পৰিয়ালৰ কহিনী।উপন্যাসখনৰ জৰিয়ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বৰণবৈষম্যক তুলি ধৰিছে।

এইগৰাকী ঔপ্যাসিকে ইতিপূৰ্বে ২০০৩ আৰু ২০১০ চনত দুবাৰকৈ বুকাৰ বঁটাৰ বাবে মনোননীত হৈছিল। অৱশ্যে দুয়োবাৰ তেওঁ এই সন্মান প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। অৱশেষত ২০২১ চনত পুনৰবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল ডেমন গালগুট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in