শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

এবছৰ আগতেই হিমন্তৰ অনুমোদনঃ আজিও সম্পূৰ্ণ নহ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কোঠা…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যত মহামাৰী কোৰোনাৰ দ্বিতীয় লহৰে এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে। সমান্তৰালভাৱে দৰঙটো ভয়াবহ ৰূপ ধাৰণ কৰিছে কোৰোনাই। বুধবাৰে দিনৰ ভাগত জিলাখনত ৩৫ জন লোক কোৰোনাত আক্ৰান্ত চিনাক্ত হৈছে । এই সকলকে ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২০৩ জনলৈ বৃদ্ধি পালে।

এইসকলৰ ভিতৰত সম্প্ৰতি ১৪৮ জন লোক চিকিৎসাধীন হৈ আছে। দৰঙত কোভিড আই চি ইউৰ বাবে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে এই সকল কোভিড ৰোগীয়ে। এবছৰ আগতেই কোভিড ৰোগীৰ কাৰণে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই চি ইউ নিৰ্মাণৰ অনুমোদন দিছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল।

বহুবাৰ মঙলদৈ স্বাস্থ্য বিভাগে আই চি ইউ সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গোপীনাথ বৰাই।যাৰ ফলত আই চি ইউৰ অভাৱত গুৱাহাটী লৈ স্থানান্তৰ কৰিব লগীয়া হৈছে কোভিড আক্ৰান্ত সকলক। শীঘ্ৰে আই চি ইউ কাম সম্পূৰ্ণ কৰাৰ দাবী জনায় মঙলদৈৰ বিভিন্ন দল সংগঠনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি