আৰম্ভ হ’ল ১৭ সংখ্যক লোকসভাৰ প্ৰথমখন অধিবেশন

আৰম্ভ হ’ল ১৭ সংখ্যক লোকসভাৰ প্ৰথমখন অধিবেশন
  • সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যক লোকসভাৰ প্ৰথমখন অধিবেশন।
  • সদনৰ প্ৰাৰম্ভিক কামকাজ চলাবৰ বাবে অধ্যক্ষৰূপে ৰাষ্ট্ৰপতি ভৱনত শপত ল'লে বিজেপি সাংসদ বিৰেন্দ্ৰ কুমাৰে।
  • ১৭ জুনৰ পৰা আৰম্ভ হৈ এই অধিবেশনৰ সামৰণি পৰিব ২৬ জুলাইত।
  • অৰ্থনৈতিক সমীক্ষা ৪ জুলাইত আৰু বাজেট উত্থাপন কৰা হ'ব ৫ জুলাইত।
  • লোকসভাৰ অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব ১৯ জুলাইত।
  • ৪০ দিন ধৰি চলা লোকসভাৰ এই অধিবেশনত মুঠ ৩০ দিন ধৰি সদনৰ মজিয়াত আলোচনা চলিব।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো সাংসদকে ২০ জুনত নৈশ ভূজৰ বাবে নিমন্ত্ৰণ কৰিছে।
  • এই অধিবেশনতে আধাৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in