মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দিয়া সেই বিস্ফোৰক এজাহাৰখন

মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দিয়া সেই বিস্ফোৰক এজাহাৰখন

ডিজিটেল সংবাদ, গুৱাহাটীঃ কিছুদিনৰ পূৰ্বে চৰ্চালৈ আহিছিল কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁই। তেওঁৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই। আমাৰ হাতত আহি পৰিছে মন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল কৰা সেই এজাহাৰৰ প্ৰতিলিপি। আমি এজাহাৰকাৰীৰ নাম গোপনে ৰাখি সেই এজাহাৰখনত কি লিখিছিল সেয়া কথাহে ইয়াত উল্লেখ কৰিছো।

নগাঁও জিলা আৰক্ষী অধীক্ষকলৈ সম্বোধন কৰি লিখা এই এজাহাৰখন ১ আগষ্টত দাখিল কৰাৰ কথা উল্লেখ আছে। ইয়াৰ বিপৰীতে আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ক্ৰাইম ব্ৰাঞ্চে ১৪৮০ নম্বৰত ৰিচিভ কৰিছে ২ আগষ্ট, ২০১৮ত। এজাহাৰত স্পষ্টকৈ উল্লেখ আছে চাকৰি দিয়াৰ প্ৰলোভন দি অসৎ কামত লিপ্ত হৈছিল মন্ত্ৰীগৰাকী। লগতে মন্ত্ৰী ৰাজেন গোহাঁয়ে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ কথাও উল্লেখ কৰিছে। এজাহাৰখনত কি লিখিছিল-

'মহোদয়,
এজাহাৰকাৰিণীৰ বিনীত নিবেদন এই যে, উক্ত আচামীয়ে আজিৰ পৰা প্ৰায় ৭-৮ মাহ আগৰে পৰা মোক আৰু মোৰ ভণ্টী শ্ৰীমতী……………..ক চাকৰি দিয়াৰ প্ৰলোভন দি মোক আৰু মোৰ উক্ত ভণ্টীৰ লগত শাৰীৰিক সম্পৰ্ক হৈছিল আৰু উক্ত কথা প্ৰথমতে এজাহাৰকাৰিণী আৰু তেওঁৰ ভণ্টীয়ে প্ৰতিবাদ কৰিছিল যদিও উক্ত আচামীয়ে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। উক্ত আচামীয়ে মোবাইলযোগে বিভিন্ন ধৰণৰ অশ্লীলভাৱে এজাহাৰকাৰিণীৰ লগত কথা পাতিছিল। কিন্তু আজিৰ পৰা কেইমাহমানৰ আগৰ পৰাই এজাহাৰকাৰিণীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰি মোবাইল ফোনটি ফোন কৰিলে কাটি থয়।'

কেৱল এয়াই নহয়, এই এজাহাৰখনত লগতে উল্লেখ আছে যে, মন্ত্ৰী ৰাজেন গোহাঁইৰ সৈতে এই মহিলাগৰাকীয়ে পতা কিছু কথোপকথন মোবাইলত সংৰক্ষণ কৰি থোৱা আছে। মহিলাগৰাকীৰ স্বামীয়ে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত মন্ত্ৰী ৰাজেন গোহাঁইৰ কু-কৰ্ম আৰু চৰিত্ৰৰ বিষয়ে কিছু কথা লিখাত তেওঁকো ভাবুকি দিয়া বুলি উল্লেখ কৰিছে। এই ঘটনা সন্দৰ্ভত ২৮ জুলাইত মহিলাগৰাকীয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও, আৰক্ষীয়ে সেই এজাহাৰ গ্ৰহণ নকৰি আদালতৰ কাষ চাপিবলৈ পৰামৰ্শ দিছিল।

এই অভিযোগৰ পাছতেই ৰাজেন গোহাঁইৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও লক্ষণীয়ভাৱে মহিলাগৰাকীও শিবিৰ সলনি কৰি দুই ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত অভিসন্ধিমূলকভাৱে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এনে পদক্ষেপ গ্ৰহণ কৰা বুলিও চৰ্চা হৈছে।

মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনত যাতে মন্ত্ৰী ৰাজেন গোহাঁয়ে টিকট লাভ কৰিব নোৱাৰে তাৰ বাবে এনে ৰাজনৈতিক চক্ৰান্ত চলাৰ কথাও নুই কৰিব নোৱাৰি। ইফালে, ৰাজহুৱা হোৱা এটা অডিঅ' টেপত ৰাজেন গোহাঁয়ে মহিলাগৰাকীৰ স্বামীক ইংগিত দিছে যে, তেওঁ নিজেই এই কথা জানিছিল।

সমগ্ৰ বিষয়টোক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হ'লেও এয়া অনুমান কৰিব পাৰি যে- মহিলাগৰাকীৰ সৈতে সু-সম্পৰ্ক আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। কিন্তু সেই সম্পৰ্কক ভিত্তি কৰি লৈ দৰ-দামেৰে মন্ত্ৰীজনৰ কেৰিয়াৰ নিঃশেষ কৰিবলৈ কোনো এক পক্ষই যে তেওঁক ব্যৱহাৰ কৰিছে তাৰো উমান স্পষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in