অন্ধকাৰ পেৰিছৰ আইফেল টাৱাৰ, কিয়? চাওক VIDEO…

অন্ধকাৰ পেৰিছৰ আইফেল টাৱাৰ, কিয়? চাওক VIDEO…

ডিজিটেল ডেস্কঃ শান্তি ভংগ কৰি দেওবাৰে শ্ৰী লংকা জোকাঁৰি গ'ল ৮ টাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে। দ্বীপৰাষ্ট্ৰখনত কৰা এনে বৰ্বৰ আক্ৰমণক সমগ্ৰ বিশ্বই একেমুখে গৰিহণা দিছে। নিহত ২১৫ জন নিৰীহৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে বিভিন্নধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

দ্বীপৰাষ্ট্ৰখনৰ বিস্ফোৰণত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জনাই ২১ এপ্ৰিলৰ নিশা পেৰিছৰ আইফেল টাৱাৰ অন্ধকাৰ কৰি ৰখা হয়। নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈয়ে এই প্ৰদক্ষেপ গহণ কৰা হয়। উল্লেখ্য যে, এই বিস্ফোৰণত ২১৫ জন নিহতৰ ভিতৰত ৩ জন আছিল ভাৰতীয় নাগৰিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in