শেহতীয়া খবৰ
মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO  •  বনিয়াকুছিত "কা" বাতিলৰ দাবীত জনসভা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুতলা মুখ্যমন্ত্ৰীঃ অজিত কুমাৰ ভূঞা, VIDEO

নাগৰিকত্ব আইনৰ বিৰুদ্ধে ডিমাপুৰত অসমীয়া সমাজৰ প্ৰতিবাদ…

220

ডিজিটেল সংবাদ, ডিমাপুৰঃ বহু বিৰ্তকিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিমাপুৰতো অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে ডিমাপুৰত অসমীয়া সমাজে এই আইনখনৰ বাতিলৰ দাবীত ডিমাপুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপৰ নামঘৰ কেম্পাছত সাব্যস্ত কৰে প্ৰতিবাদ। ডিমাপুৰত বসবাস কৰা অসমৰ প্ৰতিতো প্ৰান্তৰ লোকে এই আইনখনে অসমৰ কৃষ্টি-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি মতপোষণ কৰে।

ডিমাপুৰৰ নামঘৰ ট্ৰাষ্টৰ সম্পাদক দীপ বৰকটকীয়ে সংবাদমাধ্যমৰ সন্মুখত এই আইনখনৰ বিৰোধিতা কৰি কয়, এই আইনখনক লৈ দেশবাসী চিন্তিত। কৃষ্টি-সংস্কৃতিলৈ ভাবুকি অনাৰ লগতে নাগৰিকত্ব সংশোধনী আইন ভাৰতীয় সংবিধানৰ পৰীপন্থী।’ উল্লেখ্য যে, দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰ বিৰোধী শ্ল’গানে আকাশ-বতাহ মুখৰ কৰি তোলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি