জোনাইত প্ৰশাসনে চীল কৰিলে ধাবা, বৃহৎ পৰিমাণৰ অৰুণাচলী অবৈধ সুৰা জব্দ…

জোনাইত প্ৰশাসনে চীল কৰিলে ধাবা, বৃহৎ পৰিমাণৰ অৰুণাচলী অবৈধ সুৰা জব্দ…

ডিজিটেল সংবাদ জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমা প্ৰশাসনে শুকুৰবাৰে সন্ধিয়া এখন ধাবাত অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী অবৈধ সুৰা উদ্ধাৰ কৰাৰ লগতে ধাবাখন প্ৰশাসনে চীল কৰে। জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদী, মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মনি দাসৰ নেতৃত্বত আৰক্ষী প্ৰশাসন আৰু অবকাৰী বিভাগৰ এটা দলে শুকুৰবাৰে সন্ধিয়া জোনাই সদৰৰ ৰাংকপ তিনিআলিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অৱস্থিত এছ আৰ ধাবাত অবৈধভাবে অৰুণাচলী সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰি জব্দ কৰে। তদুপৰি আৰক্ষী প্ৰশাসনে অবৈধ অৰুণাচলী সুৰা বিক্ৰী কৰা এছ আৰ ধাবাখন তলা মাৰি অনিৰ্দিষ্ট কাললৈ চীল কৰি দিয়ে। এছ আৰ ধাবাত দীৰ্ঘ দিনৰ পৰা অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে। ইপিনে চীল কৰা এছ আৰ ধাবাৰ স্বত্বাধিকাৰী শিৱ সোনোৱাল পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে মহকুমা আৰক্ষী বিষয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in