ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে! নাক আৰু চকুৰ পৰা নিগৰিছে তেজ…

ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে! নাক আৰু চকুৰ পৰা নিগৰিছে তেজ…

ডিজিটেল ডেস্কঃ এইবাৰ বায়ু প্ৰদূষণৰ ফলত দুৰ্ভোগ ভূগিছে সৰ্বসাধাৰণ। বায়ু প্ৰদূষণ অধিক বৃদ্ধি হোৱাৰ ফলত বহু কেইজন লোকৰ নাকৰ পৰা তেজ নিগৰা পৰিলক্ষিত হৈছে। কেৱল নাকেই নহয়, কেইজনমান লোকৰ চকুৰ পৰাও ওলাইছে তেজ।

অৱশ্যে এই ঘটনা দিল্লীৰ নহয়। বেংককত দেখিবলৈ পোৱা গৈছে এই ভয়াৱহ দৃশ্য। য'ত বায়ু প্ৰদূষণৰ ফলত নাক আৰু চকুৰ পৰা বহু কেইজন লোকৰ তেজ নিগৰাৰ খবৰ পোৱা গৈছে। তদুপৰি নাক আৰু চকুৰ লগতে চহৰখনৰ লোকৰ হাওফাওটো বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱ পৰিছে।

ইফালে, চহৰখনত সৰ্বসাধাৰণৰ লগতে জীৱ-জন্তুবোৰৰ স্বাস্থ্যতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলে জনোৱা মতে, যান-বাহন, নতুনকৈ নিৰ্মাণ কৰা উদ্যোগসমূহ, খেতি জ্বলাই দিয়া আদি কাৰণসমূহৰ ফলত বেংককত বায়ু প্ৰদূষণৰ হাৰ বৃদ্ধি পাইছে।

চহৰখনত বায়ু প্ৰদূষণৰ ফলতেই মানুহে কাহিলেও তেজ ওলোৱা খবৰ পোৱা গৈছে। মুখত মাস্ক পৰিধান কৰাৰ পাছতো চকুৰ পৰা তেজ ওলোৱা দেখা পোৱা গৈছে। চহৰখনৰ এজন নিবাসীয়ে কয়- দুদিনমান পূৰ্বে তেওঁ উশাহ লোৱাৰ সময়ত নাকত কিছু বিষ অনুভৱ কৰিছিল। তাৰপাছত ওৰেটো নিশা কাঁহি থকাৰ ফলত মুখৰ পৰা তেজ ওলায়।

ইফালে, চহৰখনত প্ৰশাসনে বায়ু প্ৰদূষণৰ ফলত ৪৩৯খন বিদ্যালয় বন্ধ ৰাখিছে। আৰু বায়ু বিশুদ্ধকৰণৰ বাবে গোটেই চহৰখনত পানী চটিয়াইছে। কিন্তু বায়ু প্ৰদূষণৰ হাৰ হ্ৰাস পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in