তেজপুৰ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ “বিদ্যালয় সপ্তাহ”ৰ বঁটা বিতৰণী সভা

তেজপুৰ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ “বিদ্যালয় সপ্তাহ”ৰ বঁটা বিতৰণী সভা

ডিজিটেল সংবাদ, তেজপুৰঃ শনিবাৰে তেজপুৰ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভা। বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকিয়া। গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে শোভাৰম্ভ কৰে নিতুমণি শইকিয়াই।

অনুষ্ঠানত কণ কণ শিশু সকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। সামুহিকভাবে অসম সংগীত আৰু ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰাৰ লগতে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰি ৰাইজৰ প্ৰশংসা লাভ কৰে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে, বিভিন্ন শিতানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল বহুকেইটা প্ৰতিযোগিতা।

প্ৰতিযোগিতাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলে পুৰস্কাৰ লাভ কৰি আনন্দ প্ৰকাশ কৰে। প্ৰায় ৭৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিকজনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশি ভাষণ প্ৰদান কৰে।

তেওঁ খেল-ধেমালিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শাৰীৰিক বিকাশ কৰিবলৈ সক্ষম হ'ব বুলি কৈ বিদ্যালয়খনে প্ৰতিবছৰে এনেদৰে অনুষ্ঠানৰ আয়োজন কৰাৰ পোষকতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in