/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-12-22-55.jpeg)
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ নশ্বৰদেহ বুধবাৰৰ পুৱা তেওঁ তেজপুৰৰ বাৰহলীয়াৰ বাসগৃহৰ পৰা চাৰ্চ ফিল্ডলৈ নিয়া হয়। তাতেই বহু সংখ্যক দল-সংগঠন আৰু ব্যক্তি বিশেষে প্ৰবীন আলোকচিত্ৰ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-im-2026-01-07-12-17-40.jpeg)
আলোকচিত্ৰ শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তাৰ পাছতে গায়ন-বায়নেৰে তেওঁৰ নশ্বৰদেহ নিয়া হয় তেজপুৰৰ হাজাৰপাৰত থকা ৰাজহুৱা শ্মশানলৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-ima-2026-01-07-12-17-57.jpeg)
শোণিতপুৰ জিলা আয়ুক্ত, আৰক্ষীৰ অধীক্ষকৰ উপস্থিতিত বিশিষ্ট আলোকচিত্ৰ শিল্পী গৰাকীলৈ ৰাজ্যিক মৰ্যাদাৰে সন্মান জনোৱাৰ পাছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-01-07-12-18-15.jpeg)
উল্লেখযোগ্য যে, ৯৫ বছৰ বয়সত এইগৰাকী বিশিষ্ট আলোকচিত্ৰ শিল্পীয়ে মঙলবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us