তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ষষ্ঠদশ সমাৱৰ্তন সমাৰোহ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ষষ্ঠদশ সমাৱৰ্তন সমাৰোহ

ডিজিটেল সংবাদ, তেজপুৰঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনু্ষ্ঠিত হয় ষষ্ঠদশ সমাৱৰ্তন সমাৰোহ৷ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখী উপস্থিত থকা এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১১৬২ গৰাকী শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়৷

সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড০ ৰমেশ চন্দ্ৰ ডেকা, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈন উপস্থিত থকা এই সমাৱৰ্তন সমাৰোহত বিশ্ববিদ্যালয়খনৰ ৬৭৭ গৰাকী স্নাতকোত্তৰ, ৩৫৪ গৰাকী স্নাতক, ৪৭ গৰাকী ডিপ্লমা আৰু ৪৫ গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়৷ উল্লেখ্য যে, ২০১৮ শিক্ষাবৰ্ষৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৩৯গাৰীক শিক্ষাৰ্থীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in