/asomiyapratidin/media/media_files/2025/09/01/whatsapp-image-2025-09-01-17-15-19.jpeg)
ডিজিটেল সংবাদ, তেজপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃৰ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে সোমবাৰে তেজপুৰত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণৰ নামত বিজেপি নেতাকৰ্মীয়ে শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত আক্ৰমণ চলাই ভাঙি লণ্ডভণ্ড কৰে।
আৰক্ষীৰ সন্মুখতে কেইবা শতাধিক বিজেপি নেতাকৰ্মীয়ে আদালত চাৰিআলিৰ পৰা গৈ ৰাজীৱ ভৱনত আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদৰ নামত এফালৰ পৰা কংগ্ৰেছ কাৰ্য্যালয়ৰ বেনাৰ-পোষ্টাৰ ফালি এৰুৱাই পেলোৱা ঘটনাক লৈ কংগ্ৰেছ নেতাকৰ্মী সকল ক্ষুদ্ধ হৈ পৰিছে।
উল্লেখ্য যে, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকাৰ নেতৃত্বত দিনৰ ১২ বজাত কেইবা শতাধিক বিজেপি নেতাকৰ্মীয়ে আদালত চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইয়াৰ পিছতে পৰিস্থিতি উত্তাল কৰি প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীৰ সন্মুখতে দুৱাৰ খিৰিকীৰ লগতে বেনাৰ-পোষ্টাৰ ফালি নেতা ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।