অৱশেষত ঘোষণাঃ তেজপুৰত মন্ত্ৰী পল্লৱ লোচন দাস হ’ব বিজেপিৰ প্ৰাৰ্থী…

অৱশেষত ঘোষণাঃ তেজপুৰত মন্ত্ৰী পল্লৱ লোচন দাস হ’ব বিজেপিৰ প্ৰাৰ্থী…
  • বহু প্ৰতিক্ষাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম।
  • মন্ত্ৰী পল্লৱ লোচন দাস হ'ব তেজপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী।
  • নিশা ১২.৩০ বজাৰ পাছত বিজেপিয়ে প্ৰকাশ কৰিলে সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীৰ নাম।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰা কথা আছিল এই সমষ্টিটোত।
  • শেষ মুহূৰ্তত তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰাই আনিছিল শীৰ্ষ নেতৃত্বই।
  • তাৰ পাছতেই চৰ্চা হৈছিল বহু কেইটা মান।
  • অমিয় ভূঞা, ঋতুবৰণ শৰ্মা, ৰাজেন বৰঠাকুৰৰ নাম প্ৰাৰ্থী ৰূপে চৰ্চালৈ আহিছিল।
  • বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ টিকট কৰ্তন হৈছিল সমষ্টিটোত।
  • প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব সমষ্টিটোৰ ভোটগ্ৰহণ।
  • শেষ মুহূৰ্তত বিজেপিয়ে মন্ত্ৰী পল্লৱ লোচন দাসক দিলে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব।
  • কংগ্ৰেছৰ এম জি ভি কে ভানুৰ সৈতে হ'ব পল্লৱ লোচন দাসৰ নিৰ্বাচনী যুঁজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in