গোৱালপাৰাৰ হাইস্কুল টেট পৰীক্ষাত অঘটনঃ উত্তৰ বহী সলনি কৰি হাতে-লোটে ধৰা পৰিল চতুৰ্থবৰ্গৰ কৰ্মচাৰী…

গোৱালপাৰাৰ হাইস্কুল টেট পৰীক্ষাত অঘটনঃ উত্তৰ বহী সলনি কৰি হাতে-লোটে ধৰা পৰিল চতুৰ্থবৰ্গৰ কৰ্মচাৰী…

ডিজিটেল সংবাদ,গোৱালপাৰা: ৰবিবাৰে অনুষ্ঠিত হোৱা হাইস্কুল টেট পৰীক্ষাত গোৱালপাৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।পৰীক্ষা চলি থকা অৱস্থাতে এগৰাকী বিশেষ পৰীক্ষাৰ্থীয়ে উত্তৰ বহী সলনি কৰা অৱস্থাতে হাতে-লোটে ধৰা পৰে। এই ভয়ংকৰ ঘটনাৰে জড়িত বিশেষ পৰীক্ষাৰ্থীগৰাকী টেট পৰীক্ষা অনুষ্ঠিত হোৱা বিদ্যালয়খনেৰেই এগৰাকী বিষয় শিক্ষকৰ আত্মীয় বুলি জানিব পৰা গৈছে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বিদ্যালয়খনেৰেই এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গোৱালপাৰাৰ পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত।প্ৰাপ্ত তথ্য মতে, ৰবিবাৰে গোৱালপাৰা জিলাৰ ঐতিয্যমণ্ডিত পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত হাইস্কুলৰ টেট পৰীক্ষা অনুষ্ঠিত হয়।

অভিযোগ অনুসৰি পৰীক্ষা চলি থকা সময়তে উক্ত বিদ্যালয়ৰ ২৪ নং হলত পৰীক্ষা শেষ হোৱাৰ আগমুহূৰ্তত বিদ্যালয়খনৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী নূৰ নবীয়ে পৰীক্ষা গৃহটোৰ প্ৰনৱজ্যোতি কলিতা নামৰ পৰীক্ষাৰ্থীগৰাকীক অইন এখন ৰেডিমেড উত্তৰ কৰা বহীৰে প্ৰকৃত উত্তৰ বহীখন সলনি কৰি দিয়ে।এই ঘটনাটো আন একাংশ পৰীক্ষাৰ্থীৰ দৃষ্টিগোচৰ হয়।লগে লগে পৰীক্ষাৰ্থীসকলে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰীক্ষা গৃহত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

হুলস্থূল শুনি পৰীক্ষা কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়-ববীয়াসকল উপস্থিত হয়।পাছত এগৰাকী কাৰ্যবাহী দণ্ডাধীশ,জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক,উপ আৰক্ষী অধীক্ষক সমন্বিতে একাংশ বিষয়-ববীয়া উপস্থিত হৈ ঘটনাৰ বুজ লয়।এই সংক্ৰান্তত বিদ্যালয়খনৰ অধ্যক্ষ চজিমুদ্দিন আহমেদে গোৱালপাৰা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত গোৱালপাৰা সদৰ থানাত ৩৮/২০২০ নং গোচৰ ৰুজু কৰি চতুৰ্থবৰ্গৰ কৰ্মচাৰী নূৰ নবিক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে।

লক্ষ্যণীয় বিষয় এই যে অধ্যক্ষগৰাকীয়ে এজাহাৰত কেবল মাত্ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনৰ ওপৰতেই সমগ্ৰ দোষ জাপি দি দায় সৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।প্ৰনিধান যোগ্য যে ঘটনাটোৰ লগত নাম সাঙোৰ খোৱা পৰীক্ষাৰ্থী প্ৰনৱজ্যোতি কলিতাক আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰা নাই।উল্লেখ্য যে অভিযুক্ত পৰীক্ষাৰ্থী প্ৰনৱজ্যোতি কলিতা উক্ত বিদ্যালয়খনৰ বিষয় শিক্ষক পাৰ্থপ্ৰতিম দাসৰ আত্মীয় বুলি জানিব পৰা গৈছে।

বিষয় শিক্ষক পাৰ্থপ্ৰতিম দাস আনকি বিদ্যালয়খনৰ টেট পৰীক্ষাৰ বিভিন্ন কামতো নিয়োজিত হৈ আছে।এনে অৱস্থাত এই সমগ্ৰ ঘটনা চক্ৰটো অধিক ৰহস্যঘন হৈ পৰিছে।আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰিলে সংঘটা সংক্ৰান্তত বিস্ফোৰক তথ্য উন্মচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

মন কৰিবলগীয়া বিষয় যে ২৪ ঘণ্টাৰ পিছত অৰ্থাৎ সোমবাৰে অসমৰ শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰালৈ আহিব।তেওঁৰ ভ্ৰমণৰ এদিন পূৰ্বে শিক্ষা বিভাগত সংঘটিত এই ভয়ংকৰ ঘটনাই চৌদিশে তীব্ৰ জোকাৰণি তুলিছে।এনে অৱস্থাত এই ঘটনাত কেৱল মাত্ৰ সৰু-সুৰা পুঠি-খলিহনা বলিৰ পঠা নসজাই নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ জৰিয়তে ৰৌ-বৰালিকো জালত পেলাই প্ৰকৃত সত্য উদঘাটন কৰিবলৈ ৰাইজে দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in