টেট দিয়ে যদি হওঁক সাৱধান! ডি এল এডৰ নামত চলিছে জালিয়াতি, ৰচিদৰ পিছফালে ৰিজেক্ট লিখি উভতালে ধন…

টেট দিয়ে যদি হওঁক সাৱধান! ডি এল এডৰ নামত চলিছে জালিয়াতি, ৰচিদৰ পিছফালে ৰিজেক্ট লিখি উভতালে ধন…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন বিসংগতিপূৰ্ণ নিয়মেৰে আয়োজন কৰা টেট পৰীক্ষাত বহাৰ যোগ্যতা অৰ্জনৰ বাবে শেহতীয়াকৈ দৰকাৰী হোৱা ডি এল এড(DELED)ত নামভৰ্ত্তিৰ ৰচিদক লৈ সমগ্র ৰাজ্যতে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰবোৰত এছ চি ই আৰ টিৰ শীৰ্ষ পৰ্যায়ৰ এজন বিষয়াৰ সেউজ সংকেতত বৃহস্পতিবাৰৰ দিনটোলৈকে যি নামভৰ্ত্তিৰ অবৈধ বজাৰ চলিছিল ইয়াৰ তথ্য সংবাদ মাধ্যমত প্ৰচাৰৰ পিছতে এতিয়া বহু নিৱনুৱা যুৱক-যুৱতীয়ে ফাদিল কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। লখিমপুৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, মাদাৰ টেৰেছা কলেজ, এন চি ডি কলেজ, কে কে ডি কলেজ, নৰ্মাল স্কুল ঢকুৱাখনা, ঘিলামৰা গাৰ্লছ জুনিয়ৰ কলেজকে আদি কৰি বহুতো শিক্ষানুষ্ঠানে এছ চি ই আৰ টিৰ অধিনত ডি এল এড ক'ৰ্ছ চলোৱাৰ নামত ২০১৭ চনৰ পৰাই ব্যাপক অনিয়ম কৰি অতিৰিক্তকৈ নামভৰ্ত্তিৰ মাছুল আদায় কৰি অহাৰ পিছত শেহতীয়াকৈ টেটত বহিবলৈ ডি এল এড পূৰ্বে নকৰা সকলকো ডি এল এডত এডমিচনৰ ৰিচিভ লাগিব বুলি শিক্ষা বিভাগে অনলাইনৰ নিৰ্দেশনা দিয়াত ইয়াৰ সুবিধা লৈ ভেন্সাৰ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত খাটি থকা বুলি ভুৱা প্ৰমাণ পত্ৰ দিয়া হাজাৰ হাজাৰ যুৱক-যুৱতীক উল্লেখিত শিক্ষানুষ্ঠানবোৰে ৭ হেজাৰৰ পৰা ১২/১৫ হেজাৰকৈ টকা লৈ ২০১৭ আৰু ২০১৮ চনৰ তাৰিখত বেকদেতত এডমিচন দিছিল।

এই তথ্য যোৱা দুটা দিনত সংবাদ মাধ্যমত তথ্যসহকাৰে ফাদিল হোৱাৰ পিছত বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই সকলো প্ৰশিক্ষণ কেন্দ্ৰৰ সমন্বয়ক আৰু অধ্যক্ষ সকলক কৈফিয়ৎ তলৱ কৰে। ইয়াৰ পিছত অতিৰিক্ত উপায়ুক্তজনে কি ব্যৱস্থা গ্ৰহণ কৰিলে জানিব পৰা নাই লখিমপুৰৰ ৰাইজে। অতিৰিক্ত উপায়ুক্তজনৰ আগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুৰব্বীসকলে কৰা আনিয়ম স্বীকাৰো কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

আনহাতে ইয়াৰ পিছতে কেইবাখনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে ভুৱাকৈ বেকদেতত এডমিচন দিয়া যুৱক-যুৱতীসকল গোপনে মাতি নি টকা ঘূৰাই দি এডমিচন ৰচিদখনৰ পিছফালে ৰিজেক্টেড বুলি লিখি চীল, চহী মাৰি ঘূৰাই দিয়াৰো তথ্য পোহৰলৈ আহিছে। ঘিলামৰা গাৰ্লছ জুনিয়ৰ কলেজৰ অধ্যক্ষ আৰু এন চি ডি কলেজৰ অধ্যক্ষই বেকদেতত এডমিচন দিয়া ৰচিদৰ পিছফালে ৰিজেক্টেড লিখি টকা ঘূৰাই দিয়া কথা জানিব পৰা গৈছে একাংশ টেট প্ৰাৰ্থীৰ পৰা। এন চি ই আৰ টিৰ পৰা এই বৰ্ষত এছ চি আৰ টিৰ ডি এল এড (DELED)ক'ৰ্ছত নতুনকৈ নামভৰ্ত্তিৰ বাবে কোনো নিৰ্দেশনা নাই দিয়া বুলি বিগত জুন মাহতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ শীৰ্ষ বিষয়া প্ৰীতম শইকীয়াই বাতৰি কাকত যোগে নিৰ্দেশনা দিছিল।

ইয়াৰ পিছতো এছ চি আৰ টিৰ ভিতৰৰ এজন শীৰ্ষ বিষয়াৰ বুদ্ধিমতেই এতিয়া এডমিছন দিয়াসকলক বেকদেতত উল্লেখিত প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰে এডমিছন দিয়া দেখুৱাইছিল বুলিও সকলোতে চৰ্চা চলিছে। উল্লেখ্য যে, ২০১৭ চনত সম্পূৰ্ণ চৰকাৰী বিধি ব্যৱহাৰৰ মাজেৰে ডি এল এড কৰা হাজাৰ হাজাৰ ভেন্সাৰ আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষক/শিক্ষয়িত্ৰীকে এতিয়ালৈকে এছ ই আৰ টিয়ে প্ৰথম বৰ্ষৰ আৰু দ্বিতীয় বৰ্ষৰ উত্তীৰ্ণৰ কোনো প্ৰমাণপত্ৰ দিব পৰা নাই ৰিজাল্ট ঘোষণাৰ প্ৰায় দুমাহ পিছতো।

তেনেস্থলত কেৱল ব্যৱসায়ৰ লালসাত পুনৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক ভুৱা প্ৰলোভনেৰে মিছাৰ আশ্ৰয় লৈ এছ চি আৰ টিৰ অধিনৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰে যধে-মধে এডমিছন ৰচিদ দি যি কাৰবাৰ কৰিলে এই কাৰ্যক বৰ্তমান ডি এল এড উত্তীৰ্ণ হৈও প্ৰমাণ পত্ৰ লাভ কৰা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক/শিক্ষয়িত্ৰীয়ে সহজভাৱে ল'ব পৰা নাই। শীঘ্ৰেই এইবোৰ বেমেজালি দূৰ নহ'লে অনাগত পুৰণি প্ৰশিক্ষাৰ্থীসকলে কিন্তু এছ ই আৰ টিৰ চৌহদ ঘেৰাও কৰিবলৈ বাধ্য হ'ব বুলি, শুকুৰবাৰে লখিমপুৰ, ঢকুৱাখনা, ধেমাজিৰ একাংশ ক্ষুব্ধ শিক্ষক/শিক্ষয়িত্ৰীয়ে সকিয়াই দি অক্টোবৰৰ ভিতৰত উত্তীৰ্ণ সকলৰ প্ৰমাণ পত্ৰ দিয়াৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in