গৰিমাৰ ফোন ৰিচিভ নকৰা সিদ্ধাৰ্থে জুবিনৰ মৃত্যুৰ খবৰ প্ৰথমে দিছিল টাৰ্চেমক...

জুবিন গাৰ্গৰ মৃত্যু যে সাধাৰণ মৃ্ত্যু নাছিল সেয়া লাহে লাহে পোহৰলৈ আহিছে। য়ট পাৰ্টিত থকা জুবিনৰ বহুদিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে জুবিনক মেনেজাৰ সিদ্ধাৰ্থে বিহ দিয়াৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
yhhhhddd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যু যে সাধাৰণ মৃ্ত্যু নাছিল সেয়া লাহে লাহে পোহৰলৈ আহিছে। য়ট পাৰ্টিত থকা জুবিনৰ বহুদিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে জুবিনক মেনেজাৰ সিদ্ধাৰ্থে বিহ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। প্ৰথমে সংবাদমাধ্যমৰ আগত আৰু পিছত চি আই ডিৰ জেৰাত এই কথা কৈছে শেখৰে।

শেখৰৰ মন্তব্যৰ ওপৰত ভিত্তি কৰিয়েই এতিয়া জুবিনক মৃত্যুকাণ্ডই এক নতুন দিশে গতি কৰিছে। সচেতন মহলৰ মনত দোলা দিছে বহু প্ৰশ্নই। জুবিন গাৰ্গে সদায়েই সেৱন কৰা টেবলেটো জুবিনক দিয়া হোৱা নাছিল বুলি সন্দেব ব্যক্ত কৰিছে শেখৰে। শেখৰৰ এনে সন্দেহৰ মাজতে সিদ্ধাৰ্থৰ সৈতে থকা এটা সৰু বেগত চি আই ডিয়ে উদ্ধাৰ কৰিছে ৪-৫বিধ টেবলেট।

উদ্ধাৰ হোৱা এই ৪-৫বিধ টেবলেটৰ ভিতৰত এবিধো জুবিনে সেৱন কৰা টেবলেট নহয়। এই কথা সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছিল খোদ চি আই ডিৰ সঞ্চালক গৰাকীয়ে। বহুতে এতিয়া সন্দেহ কৰিছে যে, জুবিনে য়ট পাৰ্টিত সেৱন কৰা বীয়েৰৰ সৈতে এনে কোনো টেবলেট মিহলাই দিছিল নেকি মেনেজাৰ সিদ্ধাৰ্থে।

জুবিনৰ বহু কোটি টকাৰ লেনদেনৰ সৈতে জড়িত মেনেজাৰ সিদ্ধাৰ্থে কোনো অভিসন্ধি কৰিয়েই টেবলেট মিহলাই দিছিল নেকি জুবিনৰ বীয়েৰত। সেই বিষয়টো এতিয়া তদন্ত কৰিছে আৰক্ষীয়ে। ইফালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কৰ্মৰত প্ৰতিষ্ঠানটোৰ মুৰব্বী হৈছে জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰ্চেল মিট্টাল।

জুবিনৰ মৃত্যুৰ দিনটোত গৰিমাই বাৰে বাৰে সিদ্ধাৰ্থক ফোন কৰি সকলো সুধিছিল যদিও কোনো কথাই অৱগত কৰা নাছিল গৰিমাক। ইয়াৰ পৰিৱৰ্তে জুবিন মৃত্যুৰ খবৰ প্ৰথমে সিদ্ধাৰ্থে দিছিল টাৰ্চেম মিট্টালক। টাৰ্চেম মিট্টালেহে জুবিন বিয়োগৰ খবৰ দিছিল গৰিমাক। গৰিমা গাৰ্গেও এই কথা শেহতীয়াকৈ ব্যক্ত কৰিছে।

এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে যে, সিদ্ধাৰ্থে তাৰ মালিক টাৰ্চেম মিট্টালৰ নিৰ্দেশ মতেই এই সকলো পৰিকল্পনা কৰিছিল নেকি? জুবিনৰ য়ট পাৰ্টিৰ ভিডিঅ কাকোৱেই নিদিবলৈ সিদ্ধাৰ্থক টাৰ্চেম মিট্টালেই পৰামৰ্শ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে।

আনফালে জুবিনৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ নকৰিলেও ছিংগাপুৰৰ পৰা প্ৰতিটো সময়তে সিদ্ধাৰ্থ যোগাযোগ আছিল টাৰ্চেমৰ সৈতে। জুবিনক যদিহে সিদ্ধাৰ্থে বিহপান কৰাইছিল,  তেন্তে ইয়াৰ আঁৰত টাৰ্চেল জড়িত থকাতো নিশ্চিত বুলি সচেতন মহলৰ লগতে জুবিনৰ শুভাকাংক্ষী সকলে দাবী কৰিছে। অৱশ্যে এতিয়ালৈকে টাৰ্চেম মিট্টালক এই তদন্ত প্ৰক্ৰিয়াই ঢুকি নোপোৱাক লৈহে সকলোৱে আক্ষেপ প্ৰকাশ কৰিছে।

জুবিন গাৰ্গ