বেশ সলাই ফুৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে টোপনি হৰিছে পঞ্জাৱ আৰক্ষীৰ

বেশ সলাই ফুৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে টোপনি হৰিছে পঞ্জাৱ আৰক্ষীৰ

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ ৰাজপথত এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে ছদ্মবেশত ঘূৰি ফুৰাৰ বাতৰিয়ে এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ ভন্তিয়া আৰু ফিৰোজপুৰ জিলাত হিজবুল মুজাহিদীন আৰু ঘাজবাল উল-হিন্দৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ নেতা জাকিৰ মুন্সাক বেশ সলাই ঘূৰি ফুৰা একাংশ লোকে প্ৰত্যক্ষ কৰাৰ পিছতে ৰাজ্যখনৰ সুৰক্ষা এজেন্সীয়ে জিলা দুখনত ৰেড এলাৰ্ট জাৰি কৰিছে৷

জিলা দুখনত জাকিৰ মুন্সাৰ উপস্থিতি জানিব পৰাৰ পিছতে আৰ্মী, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰে জিলা দুখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক মূৰত পাগুৰি মাৰি পঞ্জাৱী বেশত প্ৰত্যক্ষ কৰা পিছতে পঞ্জাৱী পোচাকত সন্ত্ৰাসবাদীজনৰ পোষ্টাৰ বিভিন্ন ঠাইত আঁৰি সন্ত্ৰাসবাদীজনৰ সন্ধান আৰম্ভ কৰিছে প্ৰশাসনে৷

উল্লেখ্য যে, সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হোৱাৰ পূৰ্বে জাকিৰ মুন্সাই পঞ্জাৱৰ মোহালী জিলাত অধ্যয়নৰত আছিল৷ ২০১৬ চনত হিজবুল মুজাহিদীনৰ প্ৰধান বুৰহান বাণীৰ মৃত্যুৰ পিছতে তেওঁ সন্ত্ৰাসবাদী সংগঠনটোৰ নেতৃত্বৰ ভাৰ গ্ৰহণ কৰিছিল৷ আনহাতে কিছুদিন পূৰ্বে পঞ্জাৱ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত কেইবাজনো শিক্ষিত যুৱকক গ্ৰেপ্তাৰ কৰালৈ চাই সংগঠনটোত নতুন সদস্য ভৰ্তিৰ বাবেই মুন্সাই বেশ সলাই পঞ্জাৱত উপস্থিত হৈছে বুলি সন্দেহ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in