সেনাৰ কেম্পত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ৫৩ গৰাকী জোৱান…

সেনাৰ কেম্পত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ৫৩ গৰাকী জোৱান…

ডিজিটেল ডেস্কঃ মালিত শুকুৰবাৰে সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত পশ্চিম আফ্ৰিকাৰ এই দেশখনত শুকুৰবাৰে নিহত হয় প্ৰায় ৫৩ জনকৈ সেনা জোৱান। শনিবাৰে চৰকাৰে এই সৈনিকসকলৰ মৃত্যুৰ সংখ্যা প্ৰকাশ কৰাৰ লগতে ১০ জনৰ অৱস্থা সংকটজনক বুলিও উল্লে কৰে।

আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰনুসৰি যোৱা শুকুৰবাৰে সন্ধিয়া মালিৰ মেনকা নামৰ অঞ্চলত থকা এটা সেনা চাউনী অৰ্তকিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত সৈনিকসকলৰ মৃত্যু হোৱাৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰয়ো ক্ষতি কৰে সন্ত্ৰাসবাদীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in