ৰাইজৰ ৰোষত পৰি নিৰ্বাচনী সভা এৰি ছত্ৰভংগ বিজেপি বিধায়ক তেৰছ গোৱালাৰ

ফাইল ফটো
ফাইল ফটো
  • ৰাইজৰ ৰোষত দুলীয়াজানৰ বিজেপিৰ বিধায়ক তেৰছ গোৱালা।
  • বিধায়ক গোৱালা শুকুৰবাৰে ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল মূঢ়ানি আমগুৰিলৈ৷
  • নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেৰছ গোৱালাৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷
  • বিধায়ক গোৱালাই 'দলৰ স্থিতিয়ে মোৰ স্থিতি' অথাৎ বিধেয়কৰ সপক্ষে মত ব্যক্ত কৰে৷
  • লগে লগে উপস্থিত ৰাইজৰ ৰোষত পৰে বিজেপিৰ বিধায়কজন৷
  • ৰাইজে তেৰছ গোৱালা মুৰ্দাবাদ, বিজেপি গ' বেক, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক হুছিয়াৰ আদি ধ্বনীৰে পৰিবেশ উত্তপ্ত কৰি তোলে।
  • পৰিস্থিতি বিষম দেখি সভাস্থলী এৰি ছত্ৰভংগ দিলে নেতা-পালিনেতাসহ বিধায়ক তেৰছ গোৱালা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in