টীয়কৰ যুব শিক্ষক পৰাগ শইকীয়ালৈ গ্ল’বেল টিচাৰ এৱাৰ্ড-২০২১

টীয়কৰ যুব শিক্ষক পৰাগ শইকীয়ালৈ গ্ল’বেল টিচাৰ এৱাৰ্ড-২০২১

ডিজিটেল সংবাদ টীয়কঃ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই, ২০২১ বৰ্ষৰ গ্ল'বেল টিছাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ টীয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়া৷ ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে ২০২০ বৰ্ষত কোভিড-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়চোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল পৰাগে।

ইয়াৰ সমান্তৰালকৈ কোভিড-১৯ সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমুলক দক্ষতা বৃদ্ধিৰ বাবে লকডাউনৰ সময়চোৱাত "খোজ" নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা, ২০২১ বৰ্ষৰ কোৰোনাৰ দ্বিতীয় ঢৌ আগমণৰ সময়তে জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী, বিদ্যালয়বন্ধৰ সময়চোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শণৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰিছিল " গুৰুদক্ষিণা: গুৰুৰ বাবে এজুপি গছ" শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী।

পৰাগ শইকীয়াই সম্পূৰ্ণৰূপে তথ্য- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ধাৰাবাহিক ভাবে কৰি অহা অনলাইন শিক্ষাদান আৰু মুল্যায়ণ প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে৷ যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল প্ৰেজেন্টেচনত পৰাগ শইকীয়াই আন্তৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ সন্মুখত প্ৰতিটো তথ্যৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াইছিল৷

অহা ১০ অক্টোবৰ তাৰিখে ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষকক এই বঁটা প্ৰদান কৰা হ'ব৷ যোৰহাটৰ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয়খনৰ শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰাৰ লগতে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূব যোৰহাট শিক্ষাখণ্ডৰ বিষয়া কৰ্মচাৰী, টীয়কৰ বিভিন্ন দল সংগঠন, শিক্ষানুৰাগী ব্যক্তিয়ে অভিনন্দন জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in