টীয়কত জিলা প্ৰশাসনৰ সহযোগত পৌৰসভাই আৰম্ভ কৰিলে ছেনিটাইজেশ্যন

টীয়কত জিলা প্ৰশাসনৰ সহযোগত পৌৰসভাই আৰম্ভ কৰিলে ছেনিটাইজেশ্যন

ডিজিটেল সংবাদ, টীয়কঃ যোৱা ২৭ মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীগৰাকী যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনত কোৰোনাৰ বিৰুদ্ধে লোৱা ব্যৱস্থাক পৰ্যবেক্ষণ কৰাৰ লগতে জিলাখনৰ প্ৰতিখন পৌৰসভাৰ পৌৰপতিসকলক নিজ নিজ এলেকা ছেনিটাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশমৰ্মে তথা টীয়কবাসীৰ আহ্বানত দেওবাৰে প্ৰশাসনৰ সহযোগত পৌৰসভাই টীয়কৰ নগৰ অঞ্চলত টীয়ক অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰিবলৈ আৰম্ভ কৰে।

টীয়ক পৌৰসভাৰ অধীনস্থ কাৰ্যালয়, চিকিৎসালয়, বজাৰ এলেকা তথা এলেকাৰ বাহিৰেও দাঁতি কাষৰীয়া জন বহুল অঞ্চলত এই ছেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই প্ৰক্ৰিয়াই কেৱল নগৰ অঞ্চলেই নহয় গাঁও অঞ্চলকো সামৰি লবলৈ স্থানীয় লোকে প্ৰশাসনক আহ্বান জনায়। এই সময়ত টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামান, টীয়ক ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) জয়প্ৰকাশ মহন্ত, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, সম্পাদক প্ৰীতমজ্যোতি শইকীয়াৰ লগতে টীয়ক প্ৰেছ ক্লাৱ আৰু স্থানীয় বহুকেইটা সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in