টীয়ক আৰক্ষীৰ ব্লেকমেইলঃ সাঁচি বেপাৰীৰ পৰা সংগ্ৰহ ৯৩ হাজাৰ টকা! উত্তপ্ত থানা চৌহদ, ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

টীয়ক আৰক্ষীৰ ব্লেকমেইলঃ সাঁচি বেপাৰীৰ পৰা সংগ্ৰহ ৯৩ হাজাৰ টকা! উত্তপ্ত থানা চৌহদ, ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

ডিজিটেল সংবাদ, টীয়কঃ ইটোৰ পিছত সিটো ধনদাবীৰ ঘটনাই কঁপাইছে ৰাজ্যৰ আৰক্ষী মহল। প্ৰতিদিনে আৰক্ষী বিভাগৰ লোকে ধনদাবী কৰাৰ ঘটনা পোহৰলৈ আহিছে। গোলাঘাট জিলাৰ ঘিলাধাৰী থানাৰ ধনদাবীৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এইবাৰ পোহৰলৈ আহিছে আন এক ঘটনা।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সহতে কোৱা শূণ্য সহনশীলতাৰ নীতিক মিছা প্ৰমাণ কৰিছে যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাই। কিয়নো থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত টীয়কত ব্লেকমেইলৰ যোগেদি সাঁচি ব্যবসায়, বালি ব্যৱসায়, গৰু বেপাৰী, অবৈধ মদৰ বেপাৰী, জুৱাৰীৰ পৰা বিভিন্ন কৌশলেৰে লাখ-লাখ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে।

শেহতীয়াকৈ যোৱা ৩১ অক্টোবৰত কাকজানৰ এজন সাঁচি বেপাৰীৰ পৰা ৯৩ হাজাৰ টকা লোৱাৰ কথা ৰাজহুৱা হোৱাৰ পাছতো যোৰহাট জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূয্য কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক জিতু নেওগে কয় যে, যি সময়ত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীলতাৰ কথা কয় সেই সময়ত মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগ সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে৷ যোৱা ৩১ অক্টোবৰৰ পৰা টীয়ক থানাৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাৱে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতো যোৰহাট জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো অতি ৰহস্য হৈ পৰিছে।

যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীয়ে ৪৮ ঘন্টাৰ ভিতৰত ব্লেকমেইল কৰি ধন ঘটা আৰু দুস্কাৰ্য কৰা দোষী আৰক্ষী বিষয়াৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। তদন্ত কৰি দোষী আৰক্ষীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে ছাত্ৰ সন্থাই যিকোনো আন্দোলনৰ কায্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে৷

উল্লেখ্য যে, এই ঘটনাৰ বিৰুদ্ধে বুধবাৰে প্ৰায় ২ শতাধিক লোকে টীয়ক আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে আৰক্ষীক জবাবদিহি কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ইফালে আৰক্ষীয়ে দাবী কৰি ধন লোৱা আবিদুৰ ৰহমান নামৰ লোকজনে এজাহাৰত উল্লেখ কৰিছে কেতবোৰ বিস্ফোৰক কথা। এজাহাৰত উল্লেখ কৰা অনুসৰি, থানাত আটক কৰি থোৱাৰ সময়তো লোকজনক আৰক্ষীয়ে নামাজ পঢ়িবলৈ অনুমতি দিয়া নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in