আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱসঃ টীয়কত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন-শ্ল’গান প্ৰতিযোগিতাঃ আছুৰ লুৰিণজ্যোতি গগৈয়ে কৰিলে বৃক্ষৰোপণ

আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱসঃ টীয়কত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন-শ্ল’গান প্ৰতিযোগিতাঃ আছুৰ লুৰিণজ্যোতি গগৈয়ে কৰিলে বৃক্ষৰোপণ

ডিজিটেল সংবাদ, টীয়কঃ বিশ্বত্ৰাস কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত টীয়কত ব্যতিক্ৰমী ৰূপত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন কৰা হয়৷ যোৰহাট জিলা বন সংমণ্ডল আৰু 'ৰেঙণিঃ এটি আশা'ৰ উদ্যোগত' কুমাৰভেটি প্ৰাথমিক বিদ্যালয়'ৰ সহযোগত এইবাৰ দিৱসটিত এটি অনলাইন 'চিত্ৰাংকন আৰু শ্ল'গান লিখন' প্ৰতিযোগিতাৰ আয়োজন কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু শ্ল'গান লিখন প্ৰতিযোগিতা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ জৈৱ-বৈচিত্ৰ্যৰ লগত জড়িত এটি নিজা শ্ল'গান ৰচনাৰ ওপৰত অনুষ্ঠিত কৰা হয়।

প্ৰায় শতাধিক প্ৰতিযোগীয়ে নিজৰ ফটোসহ 'চিত্ৰ আৰু শ্ল'গান' হোৱাটছ্এপ নম্বৰত প্ৰেৰণ কৰি এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷ এইবাৰ জৈৱ বৈচিত্ৰ্য দিৱসৰ মূল মন্ত্ৰ আছিল 'আমাৰ সমাধান প্ৰকৃতিৰ মাজত'৷ পুৱা ঐতিহাসিক চিন্তামণিগড়ত বৃক্ষৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লাহন গাঁৱৰ জেষ্ঠ্য নাগৰিক দীঘলা চাংমায়ে৷ ৰেঙণিঃএটি আশাৰ উদ্যোগত আন এক কাৰ্যসূচীত বনাই ৰবিবৰুৱা গাঁৱৰ হৰিমন্দিৰত বৃক্ষৰোপণ কাৰ্যসূচীত বিশেষভাবে অংশ গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য উদ্দীপ জ্যোতি গগৈ আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ লগতে কেইবাগৰাকীও আছু কৰ্মকৰ্তাই৷

যোৰহাট বন সংমণ্ডলৰ তত্ত্বাৱধানত ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মা আৰু কুমাৰভেটি প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাইৰ পৰিচালনাত দিনযোৰা অনলাইন সজাগতাত ভাগ লয় ছাত্ৰী পঞ্চী ৰাজখোৱা, শিখা ৰবিদাস, পূৱ-যোৰহাট শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়ক মহেন্দ্ৰ নাথ, ৰাজৈ ইন্দিৰা দেৱী প্ৰাথমিক বিদ্যালয় কাকজানৰ শিক্ষয়িত্ৰী স্বপ্নালী গগৈ, টিঙিৰীমৰা প্ৰাথমিক বিদ্যালয় যোৰহাটৰ শিক্ষয়িত্ৰী নিবেদিতা শৰ্মা বৰুৱা , মাজুলী আউনীআটীৰ কানকুৰিকা চিনিয়ৰ বেচিক স্কুলৰ শিক্ষয়িত্ৰী মৃনালী দেৱীয়ে৷ অহা পাঁচ জুনত ফলাফল ঘোষণা কৰিবলগীয়া অনলাইন প্ৰতিযোগিতা আৰু সজাগতাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগ কৰা সকলোলৈকে আয়োজক সকলে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in