ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO

ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO

ডিজিটেল সংবাদ, টীয়কঃ প্ৰতিবছৰে যোৰহাট জিলাৰ ঐতিহাসিক জিমখানা ক্লাৱৰ খেলপথাৰত আয়োজন কৰা গভৰ্নচ ক্লাব ঘোঁৰা দৌৰ প্ৰতিযোগিতা এইবাৰ অনুস্থিত নকৰাত দুখ প্ৰকাশ কৰিছে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ঘোঁৰা সমূহৰ গৰাকী সকলে। ঐতিহাসিক এই প্ৰতিযোগিতাখনৰ বাব গভীৰ আশাৰে বাট চাই থকা যোৰহাট জিলাৰ টীয়ক জাঁজীমুখৰ ঘোঁৰা সমূহৰ গৰাকী সকলে চলিত বছৰত এই প্ৰতিযোগিতাখন অনুস্থিত নহয় যদিও ব্ৰহ্মপুত্ৰৰ বালিচৰত অব্যাহত ৰাখিছে ঘোঁৰা দৌৰৰ অনুশীলন।

দুখৰ মাজতো তেওঁলোকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মাজুলীত আয়োজন কৰা মিচিং যুৱ মহোৎসৱত সংযোজন কৰা ঘোঁৰা দৌৰ প্ৰতিযোগিতাই।এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিতৌ ব্ৰহ্মপুত্ৰৰ বালিচৰত চলিছে অনুশীলন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in