টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত আছুৱে ওলমালে তলা, বিদ্যুৎ নিয়মীয়াকৰণৰ দাবী

টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত আছুৱে ওলমালে তলা, বিদ্যুৎ নিয়মীয়াকৰণৰ দাবী

ডিজিটেল সংবাদ, টীয়কঃ উৎকট গৰমে দহিছে ৰাজ্যবাসীক। অসহ্য গৰমত বহু অসুবিধাৰ সন্মুখীন হৈছে সকলো লোক। গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাইজে লৈছে বিভিন্ন পন্থা। এফালে গৰমৰ প্ৰকোপ আৰু আনফালে বিদ্যুতৰ লুকা-ভাকু। যোৰহাট জিলাৰ টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টীয়কবাসীৰ সহযোগত মঙলবাৰে টীয়ক বৈদ্যুতিক উপ-সংমণ্ডলত তলা বন্ধ কাৰ্যসূচী পালন কৰা হয়।

প্ৰায় দুমাহ ধৰি বিদ্যুতৰ অনিয়মীয়া যোগানৰ প্ৰতিবাদত পুৱা ৮ বজাত টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সন্থাই৷ পুৱা ৮ বজাৰ পৰা ১১.৩০ বজালৈকে তলা বন্ধ কাৰ্যসূচী পালন কৰাৰ পিছতে টীয়ক ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী, টীয়ক নগৰ সমিতিৰ সভাপতি ৰফিক উজ জামান, বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা দিলীপ ৰাজখোৱা, বিদ্যুৎ সংমণ্ডলৰ বিষয়া ভাস্কৰ গগৈ প্ৰতিবাদস্থলীত উপস্থিত হয়হি৷

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰিতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱা, সাধাৰণ সম্পাদক কংকুল বৰুৱা, অধিবক্তা বিশ্বজিত নাথ, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাবৰ সম্পাদক পার্থ হাজৰিকা, উপদেষ্টা দুলাল হাজৰিকা, অমৃত দত্ত, সাৰংগপানী শইকীয়া সহিতে স্হানীয় দুই শতাধিক ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰা হয় মঙলবাৰৰ কাৰ্যসূচী।

টীয়কত বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ বাবে দাবী জনোৱাৰ অন্তত আছুৰ প্ৰতিনিধিৰ সৈতে বিভাগীয় বিষয়াই আলোচনা কৰি এতিয়াৰে পৰা নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে সাময়িকভাবে স্হগিত ৰাখে মঙলবাৰৰ কাৰ্যসূচী৷ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে প্ৰতিবাদ জনাই অহা দুই এদিনৰ ভিতৰত টীয়কত বিদ্যুৎ নিয়মীয়াকৰণ কৰাৰ দাবী তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in