টীয়ক ষ্টেট বেংকৰ উপ মহাপ্ৰবন্ধকক আছুৰ বিদায় সম্বৰ্ধনা

টীয়ক ষ্টেট বেংকৰ উপ মহাপ্ৰবন্ধকক আছুৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, টীয়কঃ বৃহত্তৰ টীয়ক অঞ্চলৰ ভাৰতীয় ষ্টেট বেংক (কৃষি) শাখাৰ উপ মহাপ্ৰবন্ধক গৌতম হাজৰাক লকডাউনৰ মাজতে সামাজিক ব্যৱধান ৰক্ষা কৰি বেংকত উপস্থিত হৈ বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থায়।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ বেজবৰা, উপ সভাপতি ৰক্তিম হাজৰিকা, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, শিক্ষা সম্পাদক বিতোপন পুদ্দাৰ, মুখ্য সাংগঠনিক সম্পাদক ৰূপক সৰকাৰ সহিতে এটি দলে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আদিৰে তেওঁক বিদায় সম্ভাষণ জনায়।

আনহাতে ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মাই এটি গছপুলিৰে বিদায় সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে, ২০১৭ চনৰ পৰা ২০২০ চনলৈকে সুদীৰ্ঘ তিনিটা বছৰ বেংক সেৱাৰ জৰিয়তে টীয়কৰ ৰাইজক সেৱা আগবঢ়াই থকা ব্যক্তিজন ৰাইজৰ মাজত থাকি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in