জনসভাৰ মঞ্চত শাৰী পাতি মন্ত্ৰীয়ে চোবালে চিকেন লেগ পিছ, কিয়…

জনসভাৰ মঞ্চত শাৰী পাতি মন্ত্ৰীয়ে চোবালে চিকেন লেগ পিছ, কিয়…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে হায়দৰাবাদত অনুষ্ঠিত এখন জনসভাৰ মঞ্চত 'চিকেন ভোজ' পাতিলে তেলেংগানাৰ মন্ত্ৰীসকলে। বগা চাৰ্ট পৰিহিত কেইবাগৰাকীও মন্ত্ৰীয়ে মঞ্চৰ ওপৰত শাৰী পাতি থিয় হৈ চিকেন লেগ পিছ চোবাই থকাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

দৰাচলতে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছ চিকেন আৰু কনীৰে সংক্ৰমিত হোৱাক লৈ চলিছিল ভুৱা প্ৰচাৰ। সেই ভুৱা প্ৰচাৰে ভাৰতত সৃষ্টি কৰা ভয় দূৰ কৰাৰ বাবে তেলেংগানাৰ মন্ত্ৰীসকলে এই পদক্ষেপ গ্ৰহণ কৰে। চিকেনত কোৰোনা ভাইৰাছৰ সংক্ৰমণ যে হোৱা নাই, সেই কথা প্ৰমাণ কৰিবলৈ মঞ্চত চিকেন লেগ পিছ খাই দেখুৱায় মন্ত্ৰী কেটি ৰামা ৰাও, এটেলা ৰাজেন্দ্ৰ, তলছানী শ্ৰীনিৱাস যাদৱকে ধৰি তেলেংগানা চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে।

প্ৰণিধানযোগ্য যে, চীনৰ লগতে আন কেইবাখনো ৰাষ্ট্ৰত ইতিমধ্যে কোৰোনা ভাইৰাছে সন্ত্ৰাস চলাইছে। চীনত বৰ্তমানলৈকে এই ভাইৰাছত আক্ৰান্ত হৈ তিনি সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছে। চীনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ সময়তে ভাৰততো চিকনে আৰু কণীৰ জৰিয়তে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাক লৈ বাতৰি প্ৰকাশ হৈছিল বিভিন্ন সংবাদ মাধ্যমত। আনকি খোদ গৃহমন্ত্ৰণালয়েও কনী আৰু চিকেন খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল দেশবাসীক।

চিকেন আৰু কণীত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ সম্ভাৱনাক লৈ প্ৰচাৰিত খবৰ ভুৱা বুলি বিভিন্ন মহলে দাবী উত্থাপন কৰিছে। ভাৰতত প্ৰচাৰ হোৱা এনে খবৰৰ পিছত বজাৰত চিকেনৰ চাহিদা হ্ৰাস পোৱাৰ লগতে বিভিন্ন অঞ্চলত চিকেন আৰু কণীৰ দাম ৫০ শতাংশ পৰ্যন্ত হ্ৰাস পায়। এনে পৰিস্থিতিত চিকেন আৰু কণীত যে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটা নাই, মঞ্চত চিকেন লেগ পিছ চোবাই সেয়াই প্ৰমাণ কৰি দেখুওৱাৰ চেষ্টা কৰিলে তেলেংগানাৰ মন্ত্ৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in