প্ৰথম বলতে আমি শক্তিশালী উইকেট পেভিলিয়নমুখী কৰিলো : তেজ প্ৰতাপ যাদৱ

প্ৰথম বলতে আমি শক্তিশালী উইকেট পেভিলিয়নমুখী কৰিলো : তেজ প্ৰতাপ যাদৱ

ডিজিটেল ডেস্ক : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰাৰ কেইদিনমান পিছতে তেওঁ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী হোৱাৰ বাবে বিপক্ষ দলৰ পৰা সমালোচনাৰ সন্মুখীন হয় । নীতিশ কুমাৰে মেৱালাল চৌধুৰীক তেওঁৰ শিক্ষা মন্ত্ৰীৰ দায়িত্ব দিছিল, কিন্তু মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ অভিযোগ। যাৰ পিছত বিৰোধী দল সমূহে এই অভিযোগ উত্থাপন কৰাৰ পিছতে শপত গ্ৰহনৰ কেইদিনমান পিছতে মেৱাল চৌধুৰীয়ে পদত্যাগ কৰে ।

আৰজেডি নেতা তথা বিহাৰৰ পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী তেজ প্ৰতাপ যাদৱে মেৱালালৰ পদত্যাগৰ জৰিয়তে চৰকাৰক তীব্ৰ ভাবে সমালোচনা কৰে । তেজ প্ৰতাপ যাদৱে টুইটত লিখে যে -" মোৰ খেলুৱৈ সকলক ধন্যবাদ,প্ৰথম বলতে আমি শক্তিশালী উইকেট পেভিলিয়নমুখী কৰিলো "।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in