/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ade92d0d-5983-4e88-969c-ead604e8a1b0/rover.jpg)
ডিজিটেল ডেস্কঃ ২৩ আগষ্টৰ সন্ধিয়া ইতিহাস ৰচনা কৰি চন্দ্ৰপৃষ্ঠত ভাৰতৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল লেণ্ডাৰ বিক্ৰম। ৰোভাৰ প্ৰজ্ঞানক সযতনে কঢ়িয়াই নি চন্দ্ৰৰ দক্ষিণ মেৰুত নমাই দিছিল বিক্ৰমে। তেতিয়াৰে পৰা অবিৰতভাৱে নিজ কাৰ্য সুকলমে পালন কৰি আছে ৰোভাৰ প্ৰজ্ঞানে। চন্দ্ৰপৃষ্ঠৰ বিভিন্ন তথ্য ইতিমধ্যেই পৃথিৱীলৈ প্ৰেৰণ কৰিছে প্ৰজ্ঞানে। চন্দ্ৰৰ এটা দিন সম্পূৰ্ণৰূপে কাৰ্য সম্পাদন কৰাৰ পাছত এতিয়া প্ৰজ্ঞানৰ জিৰণিৰ সময়।
শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) জনোৱা মতে, শনিবাৰে বিক্ৰম লেণ্ডাৰৰ প্ৰজ্ঞান ৰভাৰ মডিউলক ‘স্লিপ মোড’ত ৰখা হয়। ইছৰোৱে লগতে জনাইছে যে, চন্দ্ৰত পৰৱৰ্তী সূৰ্য্য উদয় ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰত হবলগীয়া এই সূৰ্যোদয়ৰ লগে লগে ৰোভাৰ প্ৰজ্ঞানো চন্দ্ৰপৃষ্ঠত আকৌ জাগ্ৰত হৈ উঠাৰ আশা কৰিছে সংস্থাটোৱে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা মতে, প্ৰজ্ঞান ৰভাৰ আৰু বিক্ৰম লেণ্ডাৰ এতিয়াও কাৰ্যক্ষম হৈ আছে। ৰোভাৰ প্ৰজ্ঞানে ইতিমধ্যেই নিজৰ আবন্টিত কাৰ্য সম্পাদন কৰিছে। এতিয়া ইয়াক নিৰাপদে পাৰ্ক কৰি স্লিপ মোডত ৰখা হৈছে। AXS আৰু LIBS পেলোডসমূহ বন্ধ কৰা হৈছে। এই পেলোডসমূহৰ পৰা তথ্য লেণ্ডাৰৰ জৰিয়তে পৃথিৱীলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ইয়াৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ হৈ আছে। সৌৰ পেনেলটো ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত আশা কৰা পৰৱৰ্তী সূৰ্য্য উদয়ৰ সময়ত পোহৰ সূৰ্য্যৰ ৰশ্মি গ্ৰহণ কৰিব পৰাকৈ ৰখা হৈছে। আন এটা আবন্টিত কাৰ্য সম্পাদনৰ বাবে ৰোভাৰ প্ৰজ্ঞানৰ সফল জাগৰণৰ আশাত ৰিচিভাৰটো সক্ৰিয় কৰি ৰখা হৈছে। লগতে ইছৰোৱে কয় যে, চন্দ্ৰৰ নিশাৰ উষ্ণতা সহ্য কৰিব নোৱাৰি ৰোভাৰ প্ৰজ্ঞান আকৈ জাগ্ৰত নহ’লে ই ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে চিৰদিনৰ বাবে চন্দ্ৰত থাকি যাব।
ইয়াৰ পূৰ্বে ইছৰোৰ অধ্যক্ষ এচ সোমনাথে জনাইছিল যে, লেণ্ডাৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত ৰোভাৰ প্ৰজ্ঞানে অৱস্থান কৰিছে আৰু দুয়োকে আগন্তুক এদিন বা দুদিনত শুৱাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব কাৰণ দুয়োৱে চন্দ্ৰত ৰাতিটো সহ্য কৰিব পাৰিব লাগিব।
চন্দ্ৰযান-৩ অভিযানৰ তিনিটা উপাদান আছে- প্ৰপালচন মডিউল, যিয়ে লেণ্ডাৰ আৰু ৰোভাৰ মডিউলক ১০০ কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈ স্থানান্তৰিত কৰিছিল, লেণ্ডাৰ মডিউল, যিটো চন্দ্ৰপৃষ্ঠত কোমল অৱতৰণৰ বাবে দায়বদ্ধ আছিল আৰু ৰোভাৰ মডিউল, যিয়ে চন্দ্ৰত উপাদানসমূহ অন্বেষণ কৰি আছে।