আগন্তুক উৎসৱৰ সময়ত অ'নিডাৰ সামগ্ৰীত গ্ৰাহকে লাভ কৰিব বিশেষ ৰেহাই

বিগত ৪৪ বছৰে ভাৰতৰ বজাৰত সেৱা আগবঢ়াই অহা অন্যতম জনপ্ৰিয় ইলেকট্ৰনিক ব্ৰেণ্ড অ'নিডাৰ 'কানেক্টিং কনক্লেভ ২০২৫' দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যায়

author-image
সংগীতা দাস
New Update
onida conclave

ডিজিটেল ডেস্ক: বিগত ৪৪ বছৰে ভাৰতৰ বজাৰত সেৱা আগবঢ়াই অহা অন্যতম জনপ্ৰিয় ইলেকট্ৰনিক ব্ৰেণ্ড অ'নিডাৰ 'কানেক্টিং কনক্লেভ ২০২৫' দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যায়। টিভি, এল ই ডি, ৱাশ্বিং মেচিন, এ চি, ৰেফ্ৰিজাৰেটৰৰ লগতে ৰুম কুলাৰৰ দৰে সামগ্ৰী গ্ৰাহকক যোগান ধৰা অন্যতম প্ৰধান ব্ৰেণ্ড হৈছে অ’নিডা । জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত আয়োজন কৰা এই  'কানেক্টিং কনক্লেভ ২০২৫'ত অ’নিডাই বজাৰৰ লগতে গ্ৰাহকৰ সৈতেও পুনৰ সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ লগতে সেৱা আৰু নতুন সামগ্ৰীৰ শাখাত মনোনিৱেশ কৰাত গুৰুত্ব আৰোপ কৰা হয়। জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেড হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অ’নিডা ব্ৰেণ্ডৰ সহযোগী প্ৰতিষ্ঠান ।কনক্লেভত অ’নিডাই এল ই ডি টিভি,আৰ ই এফ শাখাত বহুতো নতুন সামগ্ৰী মুকলি কৰাৰ লগতে বাণিজ্যিক অংশীদাৰসকলৰ বাবেও ভ্ৰমণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।

এম আই আৰ চিৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড নাম অ’নিডাৰ এই 'কানেক্টিং কনক্লেভ ২০২৫'ত উপস্থিত থাকে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু চি অ’ অ’ বিবেক ছাৰন আৰু পূৱৰ আৰ এম তথা প্ৰতিষ্ঠানটোৰ বাণিজ্যিক সহযোগী ৰাজেশ ৰয় । এই ক্ষেত্ৰত জি-হেক্সৰ পৰিচালন সঞ্চালক প্ৰদীপ মজুমদাৰে কয়, 'ইতিমধ্যে অ’নিডাৰ দ্বাৰা সকলো বৃহৎ বজাৰ সামৰি লোৱা হৈছে। ব্ৰেণ্ডৰ প্ৰসাৰ তথা প্ৰচাৰ আৰু গুণগত মানৰ সেৱাত গুৰুত্ব আৰোপ কৰি উদ্ভাৱনীমূলক সামগ্ৰী আৰু প্ৰতিযোগিতামূলক মূল্যত বহুতো নতুন সামগ্ৰীৰ শিতান আৰম্ভ কৰিছে অ’নিডাই ।

আগন্তুক বছৰৰ ভিতৰত অ'নিডাই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম মূল্যৱান ব্ৰেণ্ড  হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভৱিষ্যতলৈ আগবাঢ়ি যোৱাৰ লগে লগে অ’নিডাই প্ৰযুক্তিগত উৎকৃষ্টতাৰ ক্ষেত্ৰতো আগবাঢ়ি থকাত গুৰুত্ব আৰোপ কৰিছে ।' আনহাতে, আগন্তুক উৎসৱৰ সময়ত অ'নিডাৰ সামগ্ৰীসমূহত গ্ৰাহকে বিশেষ ৰেহাই লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।