অষ্ট্ৰেলিয়াত ভাৰতে টেষ্ট শৃংখলাত জয়লাভ কৰি মিছা প্ৰমানিত কৰিলে ৰিকি পন্টিং আৰু ৱাৰ্নৰ ভবিষ্যতবানী…

অষ্ট্ৰেলিয়াত ভাৰতে টেষ্ট শৃংখলাত জয়লাভ কৰি মিছা প্ৰমানিত কৰিলে ৰিকি পন্টিং আৰু ৱাৰ্নৰ ভবিষ্যতবানী…

ডিজিটেল ডেস্ক : ভাৰত অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ক্ৰিকেটত ভাৰতে সমগ্ৰ শৃখলাটো জয়লাভ কৰে । চতুৰ্থ তথা অন্তিম টেষ্টত ভাৰতে জয়লাভ কৰি বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট চিৰিজ হস্তগত কৰে । ইফালে ভাৰতৰ জয়লাভৰ পিছতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বিশেষজ্ঞ সকলৰ ভবিষ্যতবাণী মিছা প্ৰমানিত হয় ।

ভাৰতে চাৰিখন টেষ্টৰ চিৰিজটো ২-১ ত জয়লাভ কৰে । চিৰিজটোৰ এডিলেডত অনুষ্ঠিত প্ৰথম খন টেষ্ট খেলত ভাৰতে পৰাজয়বৰন কৰাৰ পিছত অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিংয়ে ভাৰতে টেষ্ট শৃংখলাটোত পৰাজয় বৰন কৰিব বুলি ব্যক্ত কৰিছিল লগতে লেগস্পিনাৰ শ্বেন বাৰ্নেও শৃখলাটোত হাৰিব বুলি মন্তব্য কৰিছিল । কিন্তু ভাৰতে শৃংখলাটো জয়লাভ কৰাৰ পিছতে পন্টিং,ৱাৰ্ন আদিৰ দৰে আলোচকৰ মুখ বন্ধ হৈ পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in