দ্বিতীয় টেষ্টত বৃহৎ ব্যৱধানত পৰাস্ত ভাৰত

দ্বিতীয় টেষ্টত বৃহৎ ব্যৱধানত পৰাস্ত ভাৰত

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতে শোচনীয় পৰাজয় বৰণ কৰে। লৰ্ডছত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াক এক ইনিংছ আৰু ১৫৯ ৰানৰ বিশাল ব্যৱধানত হৰুৱায় ঘৰুৱা দলটোৱে।

দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৱে ১৩০ ৰানতে অলাউট হয়।  ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডে দুৰ্দান্ত বলিং কৰে। দ্বিতীয় ইনিংছত  মাত্ৰ ১৭ ৰান কৰিয়েই পেভিলিয়নমুখী হয় কোহলি।

উল্লেখ্য যে, প্ৰথম ইনিংছত ইংলেণ্ডে ৭ উইকেটৰ বিনিময়ত ৩৯৬ ৰান সংগ্ৰহ কৰিছিল। বিপৰীতে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতে প্ৰথম ইনিংছত  স্ক'ৰ কৰিছিল মাত্ৰ ১০৭ ৰান। এই পৰাজয়েৰে শৃংখলটোত ২-০ত পিছপৰি ৰয় আলহী দলটো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in