শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

কিউৱী বাহিনীৰ দু্ৰ্দান্ত বলিঙত তাচ পাতৰ দৰে খহিল ইণ্ডিয়াৰ উইকেট…

571

ডিজিটেল ডেস্কঃ ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থখন এদিনীয়াত নিলজ্জ পৰাজয়ৰ সন্মুখীন হ’ল টীম ইণ্ডিয়া। শৃংখলাত বিগত তিনিখন মেচত ধাৰাবাহিকভাৱে বিজয় সাব্যস্ত কৰাৰ পাছত চতুৰ্থখন মেচত মুখ থেকেচা খালে ভাৰতে। চতুৰ্থখন এদিনীয়াত টছত জিকি কিউৱী বাহিনীয়ে বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱা ইণ্ডিয়াই ৩০.৫ অভাৰতে গোটেইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ৯২ ৰাণ।

ভাৰতৰ হৈ ব্যক্তিগতভাৱে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে যুশবেন্দ্ৰ চহলে। ৩৭ টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে চহলে। চতুৰ্থখন এদিনীয়াত কিউৱী বাহিনীৰ টিন্ট বল্টৰ দুদান্ত বলিঙৰ সন্মুখত তাচ পাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ উইকেট। ১০ অভাৰ বলিং কৰা বল্টে ২১ ৰাণ দি দখল কৰে ৫ টা উইকেট।

ইফালে ৯৩ ৰাণৰ লক্ষ্যৰে খেলপথাৰত নমা নিউজিলেণ্ড দলে ২ টা উইকেট হেৰুৱাই ১৪.৪ অভাৰতে লক্ষ্যত উপনীত হয়। নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত হোৱা এই এদিনীয়াৰ স্কৰ ভাৰতৰ সপ্তম সংখ্যক নূন্যতম স্কৰ। চতুৰ্থখন মেচত পৰাজয় হলেও ইতিমধ্যে শৃংখলা দখল কৰা ভাৰতে এতিয়াও ৩-১ অগ্ৰগতি লাভ কৰি আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি