প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যজুৰি প্ৰতিবাদ…

প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যজুৰি প্ৰতিবাদ…
  • মহানগৰীৰ শিক্ষা বিষয়া কাৰ্যালয়ত প্রতিবাদ।
  • গুৱাহাটী মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই প্রতিবাদ।
  • প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত এই প্রতিবাদ।
  • স্নাতক শিক্ষকৰ পৰা লোৱা ৮৭০০গ্রেড পে' ঘূৰাই দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদ কাৰীয়ে।
  • বৰপেটা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷
  • জিলাখনৰ প্ৰাথমিক বিদ্যালয়মুহত কৰ্মৰত শিক্ষকসকলে শ্ৰেণীত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক নিয়মীয়া পাঠদানৰ বিপৰীতে এনেদৰে বৰপেটা জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত সমবেত হৈ নিজ প্ৰাপ্যৰ দাবীত এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰে ৷
  • উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়সমুহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত ১৯৮২ চনৰ পৰাই চৰকাৰে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক বঞ্চিত কৰি আহিছে৷
  • সপ্তম দৰমহা আয়োগে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক ৮৭০০ টকাৰ নিৰিখত গ্ৰেড পে' প্ৰদান কৰিছিল আৰু ১৭ মাহ তেওঁলোকে নতুন নিৰিখত দৰমহা লাভ কৰিছিল ৷
  • কিন্তু ৰাজ্য চৰকাৰৰ আসোঁৱাহ নিৰাময় সমিতিয়ে স্নাতক শিক্ষকসকলৰ ৮৭০০ টকাৰ গ্ৰেড পে' কাঢ়ি নিয়াৰ লগতে দপমহাৰ ধনখিনি ওভোতাই নিছিল চৰকাৰে ৷
  • চৰকাৰৰ এনে বঞ্চনা আৰু স্নাতক শিক্ষকসকলৰ প্ৰাপ্য গ্ৰেড পে' আদায়ৰ দাবীত শিক্ষকসকলে এনেদৰে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰি আছে যদিও চৰকাৰে সমস্যা সমাধানৰ বাবে গ্ৰহন কৰা নাই কোনো উদ্যোগ ৷
  • ফলত এনেদৰেই পাঠদানৰ বিপৰীতে শিক্ষক নামিবলগা হৈছে প্ৰতিবাদত ৷
  • বোকাখাত, নগাওঁ, মৰিগাওঁৰ লগতে ৰাজ্য ভিন্ন প্ৰান্তত সাৱস্ত্য হয় এই প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in